অসম

assam

ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সাংবাদিক পৰাগ ভূঞাৰ শোকাৱহ মৃত্যুত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বৃহস্পতিবাৰে বিশ্বনাথ প্ৰেছ ক্লাৱে সাহিত্য সভা ভৱনৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ ইপিনে, পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি উচিত তদন্তৰ দাবী জনায় সাংবাদিক পুলক হাজৰিকাই ।

Tribute in Bishwanath on the death of journalist Parag Bhuyan
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Nov 12, 2020, 10:37 PM IST

বিশ্বনাথ,১২ নৱেম্বৰঃসাংবাদিক পৰাগ ভূঞাৰ শোকাৱহ মৃত্যুত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বৃহস্পতিবাৰে বিশ্বনাথ প্ৰেছ ক্লাৱে সাহিত্য সভা ভৱনৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত বিশ্বনাথৰ সকলো সাংবাদিকে অংশগ্ৰহণ কৰা লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য হাজৰিকাৰ উপৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

ইপিনে, পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি উচিত তদন্তৰ দাবী জনায় সাংবাদিক পুলক হাজৰিকাই । উল্লেখযোগ্য যে, কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰিছে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ

ABOUT THE AUTHOR

...view details