বিহালী, 2 জুলাই: বিশ্বনাথৰ বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চ'চাইটিৰ উদ্যোগত বিহালীৰ বৰগাংৰ এভাৰ গ্ৰীণ ইংলিছ স্কুলৰ প্ৰাংগণত বিভিন্ন ফল মূলৰ গছ পুলি ৰোপণ কৰে। আৰম্ভণিতে বিদ্যালয় প্ৰাংগণত ইক টাস্ক ফৰ্চৰ মেজৰ ছুবেদাৰ গুৰু প্ৰসাদ মেধীয়ে এটি গছ পুলি ৰোপণ কৰি শুভাৰম্ভ কৰা কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে এটাকৈ গছ পুলি ৰোপণ কৰে। ইফালে গছ পুলি ৰোপণ কৰা পিছতে ছাত্ৰ ছাত্ৰী সকলক লৈ এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত চ'চাইটিৰ সভাপতি প্ৰেমলাল গঞ্জুয়ে সভাপতিত্বত কৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে স্বৰাজ হাজৰিকাই।
বিহালীত গ্ৰীণ চ'চাইটি আৰু ইক টাস্ক ফৰ্চৰ উদ্যোগত বৃক্ষ ৰোপণ - গ্ৰীণ চ'চাইটি
সোমবাৰে বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চ'চাইটিৰ উদ্যোগত বিহালীৰ বৰগাংৰ এভাৰ গ্ৰীণ ইংলিছ স্কুলৰ প্ৰাংগণত বিভিন্ন ফল মুলৰ গছ পুলি ৰোপণ কৰে ।
বিহালীত গ্ৰীণ চ'চাইটি আৰু ইক টাস্ক ফৰ্চৰ উদ্যোগত বৃক্ষ ৰোপণ
আনহাতে গছ পুলি ৰোপণৰ ওপৰত বক্তব্য প্ৰদান কৰে জয় চতা খগেন মটকে। ইফালে সভাৰ শেষত ইক টাস্ক ফৰ্চ তৰফৰ পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত গছ পুলি বিতৰণ কৰা হয়।
Last Updated : Jul 2, 2019, 12:23 PM IST