বিহালী, 7 জুলাই :বিহালীৰ একাংশ ইটাভাটা মালিকৰ দৌৰাত্মৰ ফলতেই সংঘটিত হ'ল এক কৰুণ ঘটনা(Tragic incident occurred due to mistake of brick factory owners) । এদিনৰ ব্যৱধানত সলিল সমাধি ঘটিল এগৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰীৰ ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাংৰ EBI আৰু চেৰেলীয়াৰ SM ইটাভাটাই অপৰিকল্পিতভাৱে খন্দা দ-খাৱৈত পৰি সলিল সমাধি ঘটিল দুইগৰাকীৰ ৷
উল্লেখ্য যে, বুধবাৰে বিহালীৰ চেৰেলীয়াৰ নিবাসী তথা বৰগাং হাইস্কুলত দশম শ্ৰেণীত অধ্যয়নৰত অঞ্জলি বিৰ্জা নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে সমনীয়াৰ সৈতে খেলিবলৈ যায় ৷ ইফালে, ইটাভাটা সমূহে যধে-মধে খনন কাৰ্য চলোৱাৰ ফলত দ-পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হয় ৷ এই গাঁতত পৰিয়েই সলিল সমাধি ঘটিল ছাত্ৰীগৰাকীৰ ৷ এই ঘটনাৰ পিছতেই পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক কেথলিক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷