অসম

assam

ETV Bharat / state

সৰ্বভাৰতীয় বিদ্যুত কৰ্মী,অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিশ্বনাথটো "দেশযোৰা সাধাৰণ ধৰ্মঘট" ৰূপায়ন - বিশ্বনাথৰ বিদ্যুৎ বিভাগ

ভাৰত চৰকাৰে দেশৰ উন্নয়নৰ অন্যতম চাবি কাঠি স্বৰূপ ৰাজহুৱা খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীবোৰকো ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰিছে বিশ্বনাথৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে। ভাৰত চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সম্প্ৰতি প্ৰতিবাদত নামিছে দেশৰ সকলো ট্ৰেড ইউনিয়ণৰ লগতে সচেতন দল সংগঠন ।

trade union protst at biswanath
সৰ্বভাৰতীয় বিদ্যুত কৰ্মী,অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিশ্বনাথটো "দেশযোৰা সাধাৰণ ধৰ্মঘট" ৰূপায়ন

By

Published : Nov 26, 2020, 5:59 PM IST

বিশ্বনাথ 26 নৱেম্বৰঃ বৰ্তমান ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ, বেংক ৰেলৱে আদি এটা এটাকৈ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ধৰিছে আৰু দেশখনৰ মূল উদ্যোগ, ব্যৱসায় কেইজনমান পুঁজিপতিৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে যাৰ ফলত সাধাৰণ জনতা, নিবনুৱা, ক্ষুদ্ৰ ব্যবসায়ী আদিৰ ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে ।

তাৰসমান্তৰাল ভাবে সম্প্ৰতি ভাৰত চৰকাৰে দেশৰ উন্নয়নৰ অন্যতম চাবি কাঠি স্বৰূপ ৰাজহুৱা খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীবোৰকো ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰিছে বিশ্বনাথৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে । ভাৰত চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সম্প্ৰতি প্ৰতিবাদত নামিছে দেশৰ সকলো ট্ৰেড ইউনিয়ণৰ লগতে সচেতন দল সংগঠন ।

সৰ্বভাৰতীয় বিদ্যুত কৰ্মী,অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিশ্বনাথটো "দেশযোৰা সাধাৰণ ধৰ্মঘট" ৰূপায়ন

ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত সৰ্বভাৰতীয় বিদ্যুত কৰ্মী আৰু অভিযন্তাৰ সমন্বয় ৰক্ষী সমিতি আৰু দেশৰ সকলো ট্ৰেড ইউনিয়ণ,দল সংগঠনে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীত বিদ্যুৎ কৰ্মী আৰু অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিয়ে বিশ্বনাথৰ বিদ্যুৎ সংমণ্ডল প্ৰাংগনত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰী সকলে বিদ্যুত খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক,শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক,নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়কঃ ৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details