বিশ্বনাথ, 12 আগষ্ট : অসমৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যই আকৰ্ষণ কৰে পৰ্যটকক ৷ বিভিন্ন সময়ত অসমলৈ আগমণ ঘটে দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ ৷ বিশাল লুইতৰ অপৰিসীম সৌন্দৰ্য, অসমৰ সেউজী শোভাই আপ্লুত কৰে সকলোকে ৷ দূৰ-দূৰণিৰ পৰ্যটকক হাত বাউলী মাতে অসমে কিন্তু এতিয়া কমিছে পৰ্যটকৰ সংখ্যা ৷
কালৰূপী কৰ’ণাৰ গ্ৰাসত পৰা ভাৰত তথা অসমত লক ডাউনৰ লতাডালে বাৰুকৈয়ে মেৰিয়াই ধৰিলে ৷ আজিকোপতি ইয়াৰ পৰা পোৱা নাই সম্পূৰ্ণ ৰূপে পৰিত্ৰাণ ৷ এই লকডাউনৰ বাবেই এতিয়া বিপদত ৰাজ্যৰ পৰ্যটন বিভাগ ৷ কাল ক’ৰণাৰ বাবেই বিধ্বস্ত হৈ পৰিল গুপ্তকাশী বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰও ৷
কোটি টকীয়া হংস বাহনত এতিয়া ঘূণে ধৰা অৱস্থা ৷ মহামাৰী ক'ৰণাই দেশৰ আন পৰ্যটন ক্ষেত্ৰৰ দৰেই বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈও দুৰ্যোগ নমাই আনিছে । কিয়নো কেৰেলাৰ নদী পৰ্যটনৰ আৰ্হিত বিশ্বনাথৰ পৰ্যটন অনুৰাগী ড৹ কিশোৰ হাজৰিকাই 2017 চনত বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিছিল এখন জাহাজ । নাম দিছিল 'হংস বাহন'।