বিশ্বনাথ, 3 জুনঃ বিশ্বনাথত বুধবাৰৰ দিনটোত পুনৰ ১১ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ বহিঃৰাজ্যৰ পৰা অহা জিলাখনৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা আক্ৰান্ত লোক কেইজন ক্ৰমে কৰৈয়নীৰ দিগন্ত ঘিমিৰে,নিজ বাঘমাৰীৰ অমৃত ছেত্ৰী,বালিজুৰিৰ থুংচাঙ দৈমাৰী,গহপুৰৰ বিকাশ অধিকাৰী আৰু অজয় প্ৰধান,দীপৰা পুখুৰীৰ নবীন তিৱাৰী আৰু জগন্নাথ কৈৰালা,গমিৰিৰ দুৰ্গা শৰ্মা,ৰমেন মহন্ত,দীনেশ ঢকাল আৰু লীলা তিৱাৰী ৷
বিশ্বনাথ জিলাত ৩৫ জনলৈ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা - বিশ্বনাথ মহাবিদ্যালয়
বুধবাৰৰ দিনটোতে বিশ্বনাথত 24 জন লোকৰ দেহত ধৰা পৰিল COVID-19ৰ অৱস্থিতি ৷ জিলাখনত সম্প্ৰতি COVID-19ত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পালে ৩৫ জনলৈ ৷
total covid-19 positive cases rise to 35 in biswanath
উল্লেখ্য ইয়াৰে প্ৰথম দুজন বিশ্বনাথ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত,থুংচাঙ দৈমাৰী,বিকাশ অধিকাৰী আৰু অজয় প্ৰধান পাভৈ এমএচডিপি হোষ্টেলৰ কোৱাৰেন্টাইন কেন্দ্ৰত আৰু নবীন তিৱাৰী,দুৰ্গা শৰ্মা,জগন্নাথ কৈৰালা,ৰমেন মহন্ত,দীনেশ ঢাকাল আৰু লীলা তিৱাৰী নামৰ লোক কেইজন ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৷