অসম

assam

By

Published : Jul 29, 2021, 7:00 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ

top10 news
মুখ্য সংবাদ

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ-

মেডিকেল কলেজত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তমৰ্মে মেডিকেল কলেজ (Medical College)ত নামভৰ্তিৰ ক্ষেত্ৰত EWS আৰু OBC ৰ শিক্ষাৰ্থীসকলৰ বাবে সংৰক্ষিত আসন (Reservation Seats)ৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (Ministry of Health and Family Welfare)য়ে এই কথা সদৰী কৰে ৷ কেন্দ্ৰীয় চৰকাৰে কৰা এই সংস্কৰণত মুঠ 5,550 গৰাকী চিকিৎসা (Medical Student) বিভাগৰ শিক্ষাৰ্থী লাভৱান হ’ব ৷

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ভৰিব লাগিব ৩ লাখ টকাৰ জৰিমনা

শিল্পা ছেট্টী কুন্দ্ৰা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰা ওৰফে ৰিপু চুদান কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজে ইনচাইডাৰ ট্ৰেডিং নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে তেওঁলোকৰ কোম্পানীৰ ওপৰত ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডে ।

ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

ক'ভিড কেয়াৰ (covid care center) কেন্দ্ৰতেই নাই পৰিষ্কাৰ-পৰিচ্ছন্নতা । ক'ভিড আক্ৰান্তক নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ । খাদ্য যোগানৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপন ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংসদলৈ চাইকেলেৰে আহিল ৰিপুণ বৰা

দেশ তথা ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশহাৰা হৈছে ৰাজ্যৰ সাধাৰণ জনতা ৷ ইয়াৰ মাজতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ।

Guard of honour ৰে বিদায় শ্যামসুন্দৰ দুষাদক

কাছাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সম্মুখত নিহত অসম আৰক্ষী ষষ্ঠ বেটালিয়নৰ জোৱান শ্যামসুন্দৰ দুষাদৰ মৃতদেহত পুষ্প অর্পণ কৰি বিদায় জনোৱা হৈছে । মিজোৰামৰ বিৰুদ্ধে এতিয়া অসমৰ সকলো প্ৰান্ততে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে ।

সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত

বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা কাছাৰ অভিমুখে ৰাওনা হোৱা মন্ত্ৰী অতুল বৰাৰ কনভয় আদবাটতে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মন্ত্ৰীগৰাকীৰ লগত থকা পাঁচজনকৈ নিৰাপত্তাৰক্ষী জোৱান । আহত জোৱানকেইজনৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

টকিঅ' অলিম্পিকৰ পৰা বাহিৰ মেৰীকম

ভাৰতীয় বক্সাৰ মেৰীকমে ফ্লাইৱেট শাখাৰ যুঁজৰ প্ৰথম ৰাউণ্ডতে কলম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়া (Ingrit Valencia)ৰ হাতত ১-৪ ত ধৰাশায়ী হয় । এই পৰাজয়ৰ লগে লগে মেৰীকমৰ Tokyo Olympics ৰ দৌৰৰ সামৰণি পৰে ৷

শিক্ষা খণ্ডৰ বাবে বহু নতুন পদক্ষেপ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত সংস্কাৰ সাধনৰ এবছৰ সম্পূৰ্ণ । বৃহস্পতিবাৰে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী, শিক্ষক আৰু নীতি প্ৰণয়ন কৰোঁতাৰে ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’

ৰাষ্ট্ৰীয় টেলিভিশ্বন চেনেল (National Television) কালাৰ্চ টিভি (ColorsTV)ত সম্প্ৰচাৰ হ’বলগীয়া ‘Nima Denzongpa’ নামৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ অভিনেত্ৰী সুৰভী দাসে(Surabhi Das) ৷ বুধবাৰে ছ’চিয়েল মিডিয়াযোগে ধাৰাবাহিকখনৰ ট্ৰেইলাৰ (Trailer) মুকলি কৰিছে কালাৰ্চে ৷ লগতে সুৰভীয়েও তেওঁৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে ট্ৰেইলাৰটো ৷ ধাৰাবাহিকখনৰ কাহিনী মূলতঃ উত্তৰ-পূৱৰ এগৰাকী সাধাৰণ ছোৱালীৰ জীৱনৰ আধাৰত সজাই তোলা হৈছে ৷

Tokyo Olympics : মিয়া ব্লিচফেল্ডৰ বিৰুদ্ধে পিভি সিন্ধুৰ সহজ জয়

টকিঅ' অলিম্পিক ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ড(Mia Blichfeldt )ক বিশ্ব চেম্পিয়ন পি ভি সিন্ধু( PV Sindhu)ৱে বৃহস্পতিবাৰে এক পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ চিৰাগ চেট্টী আৰু সতৱিক চাইৰাজ ৰংগিৰেড্ডী দ্বৈত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত বেডমিণ্টনত ভাৰতৰ একমাত্ৰ আশা ৰিঅ' অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক কঢ়িয়াই অনা পিভি সিন্ধু ।

ABOUT THE AUTHOR

...view details