Corruption in irrigation project: ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি
ৰঙিয়াত পোহৰলৈ আহিছে জলসিঞ্চন আঁচনিত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য ৷ ৰঙিয়াৰ চিৰাখুন্দিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ ডেৰ কোটি টকীয়া অভিলাষী আঁচনি । খেতিয়কৰ পৰিৱৰ্তে লাভবান হৈছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ (Corruption in irrigation project) ।
Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে শুক্ৰবাৰে সংগীত নাটক একাডেমী বঁটাৰ বটা প্ৰাপককসকলৰ নাম ঘোষণা কৰে । 2019,2020 আৰু 2022 বৰ্ষৰ বাবে এই বঁটাৰ বটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। অসমৰ কেইবাগৰাকী শিল্পীয়ে লাভ কৰিছে এই সন্মান (Sangeet Natok Academy Award 2022)।
GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন । চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু হৈছে এজন ব্যক্তিৰ(One dies after falling from a roof in GMCH ) । মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮) বুলি চিনাক্ত কৰা হৈছে।
Sangeet Natak Amrit Award: বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজালৈ সংগীত নাটক অকাডেমী অমৃত বঁটা
দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰ প্ৰদান কৰা হৈছে সংগীত নাটক অকাডেমী অমৃত বঁটা (Sangeet Natak Amrit Award)৷ এই সংগীত নাটক অকাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা (Sangeet Natak Amrit Award to Guru prasad Ojah) ৷
Lachit Barphukan 400 birth anniversary: লাচিত জয়ন্তী: শোণিতপুৰ জিলাৰ বাবে ৫০ লাখ টকা আৱন্টন
অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ( Lachit Barphukan 400 birth anniversary)সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰা হয় ৷ এই বিশাল আয়োজনৰ বাবে শোণিতপুৰ জিলাৰ বাবে মুঠ ৫০ লাখ টকা মুকলি কৰি দিয়া হৈছিল (State govt fund 50 lacs to Sonitpur) ৷