মুকলি আকাশৰ তললৈ আহি জিগনেশ মেৱানীয়ে দেখুৱালে পুষ্পাৰ ভংগিমা
মুকলি আকাশৰ তললৈ আহিল জিগনেশ মেৱানী (Jignesh Mevani got bail) ৷ মুক্তিৰ পিছত সাংবাদিকৰ কেমেৰাৰ সমুখত পুনৰবাৰ পুষ্পাৰ ভংগিমা দেখুৱালে জিগনেশে (Jignesh comes in Pushpa's style) ৷ বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক হাজাৰ টকাৰ পি আৰ ব'ণ্ডত মঞ্জুৰ কৰিলে জিগনেশৰ জামিন আবেদন ৷
গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে ছাত্ৰৰ এজাহাৰ
ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হ’ল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা ৷ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ (FIR against GCC teacher)৷ ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত অভিযুক্ত প্ৰৱক্তাগৰাকীয়ে অস্বীকাৰ নকৰিলেও ছাত্ৰজনে অভিযোগ কৰাৰ দৰে প্ৰহাৰ কৰা নাছিল বুলি মন্তব্য কৰে ৷
কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ
বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিধায়ক মানৱ ডেকাৰ বাসগৃহৰ পৰা নগদ ধন সংগ্ৰহ কৰি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ কৰি সংবাদ শিৰোনাম দখল কৰিছিল এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । এতিয়া এই অভিযোগ সন্দৰ্ভত এটা ১০০ কোটি টকাৰ এটা মানহানি গোচৰৰ সমুখীন হৈছে বিধায়ক বৰভূঞা (Hundred crore rupees defamation case against AIUDF MLA) ৷
গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত নগাঁৱত সম্পন্ন সমূহীয়া ইফতাৰ
সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত সমূহীয়া ইফতাৰ সম্পন্ন (Collective Iftar program held in Nagaon) ৷ শুকুৰবাৰে বিয়লি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সম্পন্ন কৰা হয় এই ইফতাৰ অনুষ্ঠানৰ পৰ্ব ৷
তৃণমূল কংগ্ৰেছৰ দায়িত্ব ভগালে ৰিপুণ বৰাই
বুধবাৰে গুৱাহাটীত ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰিপুণ বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । বুধবাৰে দলটোত যোগদান কৰা সেইসকল নেতা-কৰ্মীৰ মাজৰ পৰাই আজি সভাপতি ৰিপুণ বৰাই দলটোৰ মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি প্ৰদান কৰে (Ripun Bora appointed media panelists for TMC Assam)৷