নাৰী দিৱস বিশেষ : পদপথত কঠোৰ জীৱন সংগ্ৰামতত ব্ৰতী শিক্ষিত যুৱতী, মহিলা
জীৱন মানেই যে কঠোৰ সংগ্ৰাম সেই মৰ্মে উপলব্ধি কৰিছে নগাঁৱৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱতীৰ লগতে বহু মহিলাই। কোনোবা মহিলাই যদি চাহৰ দোকান তেনেহ'লে আন কোনোবাই বিভিন্ন ব্যৱসায় কৰি চলাই গৈছে জীৱন সংগ্ৰাম (women empowerment by running roadside stall) ৷
ইটিভি ভাৰতৰ তৰফৰ পৰা নাৰী দিৱসৰ শুভকামনা
এগৰাকী নাৰীয়ে সময় অনুযায়ী ভগ্নী, পত্নী, বোৱাৰী, মাতৃ নাইবা আইতা আদিৰ দৰে ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হৈ পৰে ৷ প্ৰতিটো চৰিত্ৰৰ সুকীয়া বৈশিষ্ট্যৰে নাৰীগৰাকীয়ে জীৱনটো অধিক সুন্দৰ কৰি তোলে ৷ এগৰাকী মহিলা অবিহনে সৃষ্টিৰ কল্পনা আৰু জীৱনৰ উপলব্ধি কৰা অসম্ভৱ ৷ জীৱনত বিভিন্ন ৰূপত ভূমিকা পালন কৰি অহা মহিলাসকলে তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাৰ হকে মাত মাতিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে বহু মহিলা আগবাঢ়িও আহিছে । তথাপিও বিশ্বৰ মুঠ জনসংখ্যাৰ আধা অংশই তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিছে ৷ ইটিভি ভাৰতে মাত্ৰ নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাই নহয়, মহিলাসকলৰ উচিত প্ৰাপ্য দিবলৈও আহ্বান জনাইছে ৷
মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী
মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী(Important notices of SEBA regarding HSLC examination) ।
Majuli by Election: তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত
বহু প্ৰত্যাশিত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সামৰণি পৰে (Majuli by election)। তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য মাজুলীৰ ভোটাৰ ৰাইজে বন্দী কৰিলে ইভিএমত । কটকটীয়া নিৰাপত্তাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত ভোটদান আবেলি ৫ বজালৈ ৬৫.১৬ শতাংশ সাব্যস্ত হয় ৷
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে ত্ৰিপুৰাত এদিনীয়া কৰ্মশালা
ত্ৰিপুৰাত সম্প্ৰতি 98 শতাংশ গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ উদ্দেশ্যে চিকিৎসালয়ৰ কাষ চাপিছে ৷ যাৰ ফলত সন্তান আৰু মাতৃৰ মৃত্যৰ হাৰ ৰাজ্যখনত সম্প্ৰতি হ্ৰাস পাইছে বুলি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে সোমবাৰে সাংবাদিকৰ আগত সদৰি কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে (Tripura Chief Minister Biplab Kumar Deb) ৷