অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Rahul Gandhi ED Probe

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jun 17, 2022, 7:05 PM IST

এইবছৰৰ শেহৰ ফালে জম্মু-কাশ্মীৰৰ সাধাৰণ নিৰ্বাচন হোৱাৰ সম্ভাৱনা

জম্মু-কাশ্মীৰত এইবছৰৰ শেহৰ ফালে সাধাৰণ নিৰ্বাচন হোৱাৰ সম্ভাৱনা (Jammu Kashmir assembly elections)৷ শ্ৰীনগৰত এই কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

নলবাৰীত বানপীড়িতৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

নলবাৰীত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বানেকুছি হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খবৰ ল'লে । ইয়াৰ উপৰিও নিজ সমষ্টিৰ বৰগাছা, ৰাজাখাট বানেকুছিকে ধৰি ভিন্ন অঞ্চল পৰিদৰ্শন কৰি বৰ্নাত্য ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী পাটোৱাৰীয়ে ।

প্ৰতিকূল বতৰৰ মাজতে প্ৰতিবাদ: কংগ্ৰেছে কঁপালে যোৰহাটৰ ৰাজপথ

যোৰহাটত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(Congress protests in Jorhat) । প্ৰতিকুল বতৰকো নেওচি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ৰাহুল গান্ধীলৈ ED এ চমন দি(ED summons issued to Rahul Gandhi) হাৰাশাস্তি কৰাৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা কংগ্ৰেছে ।

বিহালীৰ প্ৰণৱৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পাই উঠিল জুবিন গাৰ্গ

বিহালীৰ এজন শিল্পীৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পায় উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছৱি (Zubeen Garg art in a pumpkin)৷ ইতিমধ্যে বহু মহান মনিষীৰ অবিকল চিত্ৰ, প্ৰকৃতিৰ ছৱিৰ লগতে গছৰ পাততো চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ লাভ কৰিছে প্ৰণৱে ৷

Flood situation in Baksa : বাক্সাত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বাক্সাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika inspects flood situation of Baksa)। আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে । বানাক্ৰান্তৰ সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটীত কংগ্ৰেছৰ পূজা-অৰ্চনা: বিজেপিৰ প্ৰতিক্ৰিয়া প্ৰকাশ

শুকুৰবাৰে মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছে বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে পূজা-অৰ্চনা কাৰ্যসূচী গ্ৰহণ কৰে ৷ কংগ্ৰেছৰ এই কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাংসদ পবিত্ৰ মাৰ্ঘৰিটাই ৷ মাৰ্ঘেৰিটাই কয় যে, কংগ্ৰেছে এয়া চৰকাৰক তুচ্ছ-তাচ্ছিল্য কৰাৰ বাবে কৰিছে ৷ দুৰ্যোগৰ সময়ত কৰা কাৰ্যৰ বিৰোধিতা কৰে সাংসদগৰাকীয়ে ৷

Rahul Gandhi ED Probe: বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে: নুৰুল হুদা

প্ৰতিবাদত উত্তাল হ’ল নগাঁও চহৰ ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত এনফৰ্চমেণ্ট ডিৰেক্টৰ চমুকৈ ই ডিয়ে জেৰা কৰাৰ বিৰোধীতাৰে শুকুৰবাৰে নগাঁও কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Congress workers protest in Nagaon) ৷ এই প্ৰতিবাদস্থলীতে বিজেপি চৰকাৰক কটু সমালোচনা কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই (Nurul Huda criticized BJP govt) ৷

শিৱসাগৰত কংগ্ৰেছ নামিল প্ৰতিবাদত

বিজেপিয়ে গণতন্ত্ৰ মাৰি পেলাইছে ৷ গণতন্ত্ৰৰ কাঠামো আৰু সংবিধানখন ধৰি ৰখাৰ স্বাৰ্থত কংগ্ৰেছে যুঁজ অব্যাহত থাকিব ৷ বিজেপিয়ে নিজৰ দুৰ্নীতি ঢাকিবলৈ কংগ্ৰেছৰ ওপৰত ভুৱা প্ৰতিশোধ লৈছে ৷ এই অভিযোগ কংগ্ৰেছৰ ৷

Flood at Baihata: বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত পীযুষ হাজৰিকা, দিগন্ত কলিতা

জলমগ্ন সমগ্ৰ উত্তৰ কামৰূপ ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কৱলত উত্তৰ কামৰূপৰ ভালেকেইখন গাঁও ৷ শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ সেই অঞ্চলসমূহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika visited flood affected area), বিধায়ক দিগন্ত কলিতা আৰু কামৰূপৰ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক ৷

মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি প্ৰদেশ কংগ্ৰেছৰ নাম প্ৰসংগ

মহানগৰীৰ কৃত্ৰিম বান (Artificial floods in Guwahati) ৰোধত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ ধোঁৱাখুলীয়া ৰজা ৷ বহু বছৰ গুৱাহাটীৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ দুৰ্নীতিৰ বাবে গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰিলে । মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি APCC য়ে আয়োজন কৰা নাম-প্ৰসংগৰ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে (Mira Borthaku criticized Assam CM) ৷

ABOUT THE AUTHOR

...view details