Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা
১১ অক্টোবৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটিছে (Steadily Sick Satradhikar Basistha Dev Sarma) ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন কিম্বা সাধাৰণ জনতা ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে ৰাজ্যবাসীয়ে আঠু লৈছে নেদেখাজনৰ শ্ৰীচৰণত ৷
Centre awarded Tripura: PMAY Urban প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ত্ৰিপুৰাক পুৰস্কৃত
প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে দেশৰ আন ৪ খন ৰাজ্যৰ লগতে ত্ৰিপুৰাকো পুৰস্কৃত কৰা হৈছে (Centre awarded Tripura)। আঁচনিৰ অধীনত প্ৰদান কৰা আন চাৰিখন ৰাজ্য হৈছে গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু তামিলনাডু । ত্ৰিপুৰাৰ ২০ খন নগৰ অঞ্চলত ৬ টা ডিপিআৰ অনুসৰি মুঠ ৮৭,২২৬ টা ঘৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে ৷ ইয়াৰ ভিতৰত ৭০,৬৪০ টা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ৷
GU election result 2022: গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা
অৱশেষত ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল (Declared GU election result 2022) ৷ এই নিৰ্বাচনত অধিকাংশ পদতেই আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিয়জী ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে ৷ ইয়াৰে ভিতৰত সভাপতি পদত কাশ্যপ কল্যাণ গগৈয়ে ১২০৫ টা ভোট লাভ কৰাৰ লগতে সাধাৰণ সম্পাদক পদত পুণ্যব্ৰত দত্তই ১১৫৩ ভোট লাভ কৰি জয়লাভ কৰিছে ।
Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ
আজি অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন সংগ্ৰহ কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে (Yese Dorje Thonsi collected nomination paper) । মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া চলিব ২০ ৰ পৰা ২২ অক্টোবৰলৈকে । আনহাতে, ২৮ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।
Mor ghorar duronto goti,মহৰ্ষি তুহিন-অতুল পাচনীৰ সহযোগিতাৰে অস্কাৰলৈ এণ্ট্ৰি প্ৰথমখন অসমীয়া চুটি ছবিৰ
গৌৰাৱান্বিত অসম, গৌৰাৱান্বিত ভাৰত ৷ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত এটা প্ৰকল্পৰ বাবে কলকাতাৰ সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটত অধ্যয়নৰত অসমৰ এজন ছাত্ৰই নিৰ্মাণ কৰা এখন চুটি ছবিয়ে এণ্ট্ৰি লাভ কৰিছে অস্কাৰত (Assamese short film mor ghorar duronto goti) ৷ গুৱাহাটীৰ নিৱাসী মহৰ্ষি তুহিন কাশ্যপৰ এই অভূতপূৰ্ব সফলতাই আৰু অধিক চহকী কৰি তুলিলে অসমৰ সাংস্কৃতিক তথা চলচ্চিত্ৰ জগতখনৰ মানদণ্ড ৷