অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা আঁতৰিল নীৰজ চোপ্ৰা

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 26, 2022, 7:02 PM IST

Minor Girl Kidnapped in Tripura : অপহৃতা নাবালিকাক উদ্ধাৰত ব্যৰ্থ ত্ৰিপুৰা আৰক্ষী

দুৰ্বৃত্তই দেওবাৰে পুৱা সোনামুৰা আৰক্ষী থানাৰ অন্তৰ্গত কালাপানী গাঁও পঞ্চায়তৰ মনিৰ হুছেইনৰ নাবালিকা কন্যাগৰাকীক অপহৰণ কৰে । অভিযোগ অনুসৰি, অপহৰণৰ ঘটনাটো পূৰ্বপৰিকল্পিত আছিল (pre planed kidnaping of minor girl) ।

Japanese Encephalitis: ম'হৰ পৰা বাচি থাকিবলৈ ৰাইজক আহ্বান স্বাস্থ্য বিভাগৰ

"জাপানীজ এনকেফেলাইটিছ এটা অতি মাৰাত্মক ৰোগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ ম'হৰ পৰা বাচি থাকক ৷" জাপানীজ এনকেফেলাইটিছৰ পৰা বাচি থাকিবলৈ পৰামৰ্শ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্তৰ (Japanese encephalitis in Nogaon)

SEBA new app launched : অনলাইনযোগে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ বদলিকৰণ

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুটাকৈ এপ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ (SEBA new app launched)। দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ'ব । ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ'ব একোটাকৈ টেবলেত । নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয় । শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'বই ।

5G Spectrum : দেশৰ সৰ্ববৃহৎ 5G স্পেকট্ৰামৰ নিলামৰ দৌৰত আম্বানী-আদানি

টেলিফোন আৰু ইণ্টাৰনেটৰ ডাটা সংকেত বহনকাৰী স্পেকট্ৰামৰ ভাৰতৰ সৰ্ববৃহৎ নিলাম প্ৰক্ৰিয়া আৰম্ভ হয় মঙলবাৰে (5G spectrum auction began in India) । মুঠ ৪.৩ লাখ কোটিৰ প্ৰস্তাৱেৰে 72 গিগাহাৰ্টজ 5G এয়াৰৱেভৰ বাবে এই নিলাম প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে ।

Injury of Neeraj Chopra: আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা আঁতৰিল নীৰজ চোপ্ৰা

ভাৰতীয় ক্ৰীড়ানুৰাগীৰ বাবে দুঃসংবাদ । আঘাতৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই(Injury of Neeraj Chopra)। মঙলবাৰে এই বিষয়ে সদৰি কৰিছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনে ।

Kargil Vijay Diwas 2022: কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় (Kargil Vijay Diwas 2022)। মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ‘ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ(Assam war memorial sainik welfare) উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি ‘অমৰ জোৱান’ৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে ।

Assam Youth Olympics 2022: চাইক্লিঙত দুটাকৈ পদক অৰ্জন কৰিলে হীৰা বসুমতাৰীয়ে

বোকাত পদুম ফুলে, এই আপ্তবাক্যশাৰী পুনৰ প্ৰমাণ কৰি দেখুৱালে লখিপুৰৰ হীৰাই ৷ কোনো সা সুবিধা তথা প্ৰশিক্ষণ নোহোৱাকৈয়ে নিজৰ অধ্যৱসায়ৰ জৰিয়তে চাইক্লিং কৰি দুটাকৈ পদক অৰ্জন কৰিবলৈ বুটলিবলৈ সক্ষম হয় লখিমপুৰৰ হীৰা বসুমতাৰীয়ে (Hira won two medals in Olympics) ৷ ৰাজ্যত যোৱা 22 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হৈ থকা অসম যুৱ অলিম্পিক ২০২২ ত (Assam Youth Olympics 2022)সোণ আৰু ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে হীৰাই ৷

Flood compensation: চৰকাৰৰ ক্ষতিপূৰণ আঁচনিৰ পৰা বঞ্চিত বানত ক্ষতিগ্ৰস্ত কৃষক তথা মীনপালক

ৰাজ্যত চলিত বছৰত হোৱা দুটাকৈ প্রলয়ংকৰী বানত ধন জনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে শস্য ভূমি আৰু পুখুৰী আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে(Report on damages of flood) । একেটা বছৰৰ দুটাকৈ প্রলয়ংকৰী বানত ব্যাপক শস্য ভূমি আৰু পুখুৰী আদিৰ বিস্তৰ ক্ষতিসাধনৰ ফলত কৃষক আৰু মীনপালকসকল মূৰে-কপালে হাত দিছে ।

Fashion show in Tezpur: শিশুৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল ইন্দিৰা

বিগত ২৪ জুলাইত তেজপুৰত অনুষ্ঠিত হয় Mister/ Mrs /Miss/Teens/Kids ফেশ্বন শ্ব’ ২০২২ ৰ প্ৰতিযোগিতা (fashion show in Tezpur) ৷ এই শ্ব’ৰ কিডচৰ সৌন্দৰ্য প্ৰতিযোগিতা শাখাত জামুগুৰিহাটৰ ইন্দিৰা শইকীয়াই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

Students Protest in Nalabari: মামাৰ পৰা স্কুটী বিচাৰি ৰাজপথ কঁপালে মেট্ৰিক উত্তীৰ্ণ ভাগিনীয়ে

নলবাৰীত স্কুটী বিচাৰি ৰাজপথত ছাত্ৰীৰ প্ৰতিবাদ । ২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC exam 2021) প্ৰথম বিভাগত উত্তীৰ্ণসকলক স্কুটী প্ৰদান নকৰাত আজি প্ৰতিবাদমুখৰ হৈ পৰিল নলবাৰী (Students protest demanding scooty in Nalbari)৷ স্কুটী লাভৰ পৰা বঞ্চিত শতাধিক ছাত্ৰীয়ে সাব্যস্ত কৰিলে নাপায় প্ৰতিবাদ ৷

ABOUT THE AUTHOR

...view details