Assam govt Recruitment controversy: ভিক্টৰৰ টুইটে লগাইছে তোলপাৰ
26 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া লৈ সূচনা হ’ল বিতৰ্কৰ ৷ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে চাকৰি প্ৰাৰ্থীৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ৷ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে (Money laundering allegation on Assam recruitment)৷
পৰ্যটকৰ বাহনলৈ চোঁচা গজৰাজৰ
কৰ্ণাটকত পৰ্যটকৰ বাহনলৈ চোঁচা বন্য হস্তীৰ ৷ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় পৰ্যটকক (Wild elephant tries to attack on tourists) ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত কৰ্ণাটকৰ কাবিনি বেকৱাটাৰছত সংঘটিত হয় এই অঘটনটো ৷
জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত সান্ধ্য আইন জাৰী
জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত যথেষ্ট উত্তেজনামূলক পৰিস্থিতৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰে চহৰখনত ১৪৪ চি আৰ পি চি ধাৰাৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Sec 144 in Rajouri town of Jammu and Kashmir) ৷
হোজাইত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু
হোজাই জিলাৰ হাৱাইপুৰত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু (Wild elephant hit by train in Hojai) । ৰে'লপথৰ কাষত ভালেমান পৰ চটফটাই থকাৰ পিছত হাতীটোৱে কৰুণভাৱে মৃত্যুমুখত পৰে ।
গুজৰাটৰ কলকাতা বন্দৰত 200 কোটি টকাৰ হেৰ’ইন জব্দ
গুজৰাট এটিএছ আৰু ডিআৰআইয়ে কলকাতা বন্দৰৰ পৰা 200 কোটি টকাৰ 40 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে (40 KG HEROIN FROM KOLKATA PORT)৷