Police checking being conduct: স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত কলিয়াবৰত আৰক্ষীৰ তালাচী অভিযান
দেশত ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Independence Day)ৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে উগ্ৰপন্থী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে কলিয়াবৰ আৰক্ষী(Militant outfits call for boycott of Independence Day) ।
APCC chief slams BJP : চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ভূপেন বৰা
অগপ আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা ভূপেন বৰাৰ (Bhupen Bora criticized BJP and AGP)। অতুল বৰাই আঞ্চলিকতাবাদ জীয়াই ৰাখিবলৈ বিহাৰৰ ৰাজনীতিৰ পৰা শিক্ষা লোৱা উচিত । বিজেপি চৰকাৰে নগৰ এলেকাৰ আন্তঃগাঁঠনি উন্নয়ন নকৰাকৈ অধিক কৰ সংগ্ৰহেৰে ৰাইজক মাধমাৰ শোধাবলৈ চেষ্টা চলাইছে ।
Azadi Ka Amrit Mahotsav: তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ
তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) । বিশেষ সভাৰ লগতে বিশাল চাইকেল ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga Mission) কাৰ্যসূচী সফল কৰিবলৈ জনালে আহ্বান ।
Man-Elephant conflict: বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
বাক্সাৰ নবস্তি বৰিকাদোঙাত বৃহস্পতিবাৰে নিশা হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় ৷ নিহত লোকজন তৰুণ হালৈ বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, বাক্সা জিলাৰ উত্তৰ অঞ্চলত দিনক দিনে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে(Assam faces rising human-elephant conflict) । বিগত কিছুদিন ধৰি জিলাখনৰ ভূটান খুটি, উত্তৰকুছি, সুৱনখাটা আদি অঞ্চলত হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে(Man-Elephant Conflict in Assam) ৷
Assam Police Anti drug Campaign: জোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ী
জোনাইৰ দুটা ভিন্ন স্থানৰ পৰা ড্ৰাগছসহ আটক 3 সৰবৰাহকাৰী ৷ জোনাই মহকুমাৰ তৰাজানৰ পৰা গাঁওৰক্ষী বাহিনীয়ে এখন বলেৰ' পিক-আপ ভানসহ কৰায়ত্ব কৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক । আনহাতে 1নং মিৰি টাক গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আন এটা ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীক ৷