Schools provincialisation in Assam: এতিয়াৰে পৰা প্রাদেশিকীকৰণ নহয় কোনো বিদ্যালয়
এতিয়াৰে পৰা আৰু কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়(No schools are provincialised in Assam)। এই সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । শিক্ষা বিভাগে জাৰি কৰা অধিসূচনা ৩১ জুলাইৰ ভিতৰত ৰূপায়ণৰ সিদ্ধান্ত । সময় নির্ধাৰিতভাৱে ৭৮৫ খনতকৈও অধিক হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হ'ব(Upgradation of high schools to higher secondary) । উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব খোজা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ ।
CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা
শুকুৰবাৰে ঘোষণা হয় চি বি এছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ।
National Herald case: তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি
তেজপুৰত প্ৰতিবাদকাৰী কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা (Congress protest against Sonia Gandhi ED summon in Tezpur) ৷ উপায়ুক্ত কাৰ্যালয় অভিমুখী পথৰ বেৰিকেডত বাধা প্ৰদান ৷ বেৰিকেড ভাঙি পাৰ হ'ব খোজোঁতে পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰিবলৈ অহাৰ মুহূৰ্তত আৰক্ষীয়ে লাঠিচালনা কৰে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কেইবাজনো সমান্য আঘাতপ্ৰাপ্ত হয় ৷
Bru Settlement : ত্ৰিপুৰাৰ ছয়টা স্থানত ব্ৰু শৰণাৰ্থীৰ পুনৰ্সংস্থাপনত আপত্তি সামাজিক সংগঠনৰ
অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ পাঁচটা স্থানৰ লগতে নাইসিংপাৰা সাহায্য শিবিৰত থকা ব্ৰু শৰণাৰ্থীসকলৰ (permanent settlement of Internally Bru Displaced People) স্থায়ী বসতি স্থাপনৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে (Joint Movement Committee objection permanent settlement of Bru) যুটীয়া আন্দোলন সমিতিয়ে ।
Jal Jeevan Mission in Tripura : ডিচেম্বৰৰ ভিতৰত জল জীৱন মিছনৰ কাম সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীৰ নিৰ্দেশ
সমগ্ৰ দেশতে জল জীৱন মিছন আঁচনিৰ কাম চলি আছে (Jal Jeevan Mission)। ত্ৰিপুৰাত এই আঁচনিৰ কাম ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ডেড লাইন দিছে বিভাগীয় মন্ত্ৰীয়ে । বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশনা ।