মাজুলীত সোণোৱাল ‘চালানী’ নাছিল নেকি ?: দেৱব্ৰত শইকীয়া
সমাগত মাজুলীৰ উপ-নিৰ্বাচন ৷ মাজুলীক লৈ ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ মাজত চলিছে বহু জলপনা-কল্পনা ৷ মাজুলীৰ এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে । কংগ্ৰেছে এইবাৰ মাজুলী এৰি দিছে অসম জাতীয় পৰিষদক ৷ এই লৈ শাসকীয় দলৰ মাজতো চলিছে চৰ্চা ৷ যাক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia remarks on Sarbananda Sonowal) ৷
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া
পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱেৰে গুৱাহাটী পৌৰ নিগমৰ বিজ্ঞাপন (Name changing process started in Guwahati) । ৰাইজৰ মতামতৰ বাবে ১৫ দিনলৈকে সময়সীমা । টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে ।
Nagaon Police Mission: ৪০ টাতকৈয়ো অধিক ম’বাইল ফোনসহ আটক চোৰ
নগাঁও আৰক্ষীৰ অভিযান কালত এইবাৰ জালত পৰিল গভাইত চোৰ (Thief arrested in Nagaon) ৷ বিগত বৰ্ষত ধাৰা ৩৪/৪৫৭ ধাৰা অনুসৰি ২৯১২/২১ নম্বৰত ৰুজু হোৱা এক গোচৰৰ তদন্ত কৰাৰ সময়তে চামগুৰিৰ বৰ্মাবিলৰ এখন দোকানৰ পৰা ৪০ টাতকৈয়ো অধিক চুৰি ম’বাইল জব্দ কৰে নগাঁও সদৰ আৰক্ষীয়ে ৷ লগতে নগাঁও সদৰ আৰক্ষীয়ে মিজানুৰ ৰহমান নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি নগাঁও সদৰ থানাত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধপোছ ৷
Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি
ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) প্ৰস্তুতি । ইয়াৰ মাজতে শাসক-বিৰোধী দলৰ নেতাসকলৰ মাজত বাক-বিতণ্ডাও আৰম্ভ হৈছে । আৰম্ভ হৈছে অভিযোগৰ ৰাজনীতি । লখিমপুৰ জিলা বিজেপিৰ মতে জিলাখনৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত ।
Majuli Bye Election 2022:মাজুলীত চিত্তৰঞ্জন বসুমতাৰীৰ মনোনয়নত সংগ লুৰীণজ্যোতি গগৈৰ
মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022) লৈ বিশেষ তৎপৰতা অসম জাতীয় পৰিষদ দলৰ । ইতিমধ্যে মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী । মনোনয়ন দাখিলৰ পূৰ্বে মাজুলীত উপস্থিত অজাপ (AJP) দলৰ সভাপতি লুৰীণজ্যোতি গগৈ । কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলত সংগ দিলে লুৰীণজ্যোতি গগৈয়ে ।