অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ - Top 10 at 5pm

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

By

Published : Jan 2, 2022, 5:04 PM IST

MP Abdul Khaleque Reacts against CM : বঙাইগাঁৱত বিস্ফোৰক মন্তব্য সাংসদ আব্দুল খালেকৰ

''অসম আৰক্ষী যদি ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয় তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷'' সংবাদ মাধ্যমযোগে এই বিস্ফোৰক মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khaleque reacts against CM) ৷

ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি

নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত জলসিঞ্চনৰ কোনো এখন বিকল আঁচনি কার্যক্ষম কৰি তোলাৰ বাবে বিভাগে পদক্ষেপ গ্রহণ কৰা নাই । নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয়সমূহৰহে পুনৰ গঠন প্রক্রিয়া চলি আছে (Restructuring of irrigation offices is underway)।

Demand for separate Bodoland : বড়ো শান্তি চুক্তিক ৰাজনৈতিক চক্ৰান্ত আখ্যা চানছুমা খুংগুৰ বৈছুমুথিয়াৰীৰ

পৃথক বড়োলেণ্ডৰ দাবীত All India Bodo People's National league for Bodoland Stateৰ সভাপতি তথা প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীৰ সংবাদমেল সম্বোধন ৷ তৃতীয় বড়ো চুক্তি(Third BOro peace accord)ক ৰাজনৈতিক চক্ৰান্ত আখ্যা ৷

৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক'ভিড প্ৰতিষেধক

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক(Covid vaccnination drive at Hojai) ৷

ANM workers protest: প্ৰাপ্য বিচাৰি লখিমপুৰত এ এন এম কৰ্মীৰ প্ৰতিবাদ

দীৰ্ঘ দিন ধৰি ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ এন এইচ এমৰ এ এন এম কৰ্মীসকল ৷ বহু আবেদন-নিবেদন কৰিও সু-ফল লাভ কৰা নাই এ এন এম কৰ্মীসকলে ৷ এই অভিযোগ ৰাজ্যৰ এ এন এম কৰ্মীসকলৰ ৷ সেয়ে উপায়ন্তৰ হৈ পুনৰ নিজৰ প্ৰাপ্য বিচাৰি লখিমপুৰ জিলাৰ এ এন এম কৰ্মীসকল দেওবাৰে ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত সম বেতন বিচাৰি গীত মাতৰ জৰিয়তে সাব্যস্ত কৰে এক অভিনৱ প্ৰতিবাদ (ANM workers protest in Lakhimpur) ৷

ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি

নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত জলসিঞ্চনৰ কোনো এখন বিকল আঁচনি কার্যক্ষম কৰি তোলাৰ বাবে বিভাগে পদক্ষেপ গ্রহণ কৰা নাই । নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয়সমূহৰহে পুনৰ গঠন প্রক্রিয়া চলি আছে (Restructuring of irrigation offices is underway)।

নতুন বছৰত সমষ্টিবাসীলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উপহাৰ

নৱবৰ্ষ উপলক্ষে সোণাৰিৰ ৰাইজলৈ বিশেষ উপহাৰ আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ নৱবৰ্ষত দুখনকৈ হাস্পতাল উপহাৰ স্বৰূপে আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে (MLA Dharmeswar Konwar gifted two hospitals to Sonari people) ৷

মদাপী স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে পত্নীক

নৱবৰ্ষৰ দিনা সুৰাপান কৰি অহা স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই পীৰাৰে মূৰত প্ৰহাৰ কৰে পত্নীক ৷ ফলত মাটিত ঢলি পৰি থিতাতে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পত্নীয়ে(Alcoholic husband killed wife) ।

নৱবৰ্ষত লোকে লোকাৰণ্য হৈ পৰিল নগাঁৱৰ বিভিন্ন বনভোজ থলী

নৱবৰ্ষ উপলক্ষে সকলোৱে হাঁহি-ফূৰ্তিৰে আপোন মানুহ খিনিৰ সৈতে এসাঁজ খোৱাৰ যো-জা কৰে ৷ বিভিন্ন বনভোজ দলে(Crowd in picnic spot in Nagaon)ভিৰ কৰিলেহি নগাঁও শিমলুগুৰি-কাছমাৰি বিলৰ পাৰত ৷

কেটৰিণাক এৰি থৈ গ’ল বিকীয়ে !

বিগত বৰ্ষৰ ডিচেম্বৰত বিয়া পাতি জানুৱাৰীত কেটৰিণাক অকলশৰীয়া কৰিলে বিকীয়ে ৷ নৱবৰ্ষ একেলগে উদযাপন কৰি বিকী উৰা মাৰিছে শ্বুটিঙলৈ ৷ শনিবাৰে VicKat ক দেখা পোৱা গ’ল মুম্বাই বিমানবন্দৰত ৷ বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে আঁতৰি থাকিব দুয়ো ৷

ABOUT THE AUTHOR

...view details