Kejriwal in Vipassana meditation: ধ্যানত বহিব কেজৰিৱাল, ছিছোডিয়াই চলাব চৰকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১ জানুৱাৰীৰ পূৰ্বে আৰু কোনেও দেখা নাপাব । সেয়ে চৰকাৰৰ শাসনভাৰ চম্ভালিব উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই । অৰবিন্দ কেজৰিৱালে শনিবাৰৰ পৰা এসপ্তাহৰ বাবে বিপাসনা ধ্য়ানলৈ গৈছে । অৱশ্যে তেওঁ এই সাধনাৰ বাবে ক'লৈ গৈছে সেয়া কোনেও নাজানে (Kejriwal went for Vipassana meditation) ।
Zoo at Tingkhong: টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা : মুখ্যমন্ত্ৰী
‘‘ডিব্ৰুগড় জিলাৰ টিংখাঙত ২৫০ কোটি টকাৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব চিৰিয়াখানা (Zoo will construct at Tingkhong) ৷ টিংখাং বিধানসভা সমষ্টিৰ চৰাই হাবিত নিৰ্মাণ কৰা হ'ব এই চিৰিয়াখানা । এই চিৰিয়াখানা নিৰ্মাণৰ বাবে বন বিভাগে ইতিমধ্যে ভূমি নিৰ্ধাৰণ কৰাৰ কাম আৰম্ভ কৰিছে ৷ টিংখাঙত চিৰিয়াখানা নিৰ্মাণৰ সিদ্ধান্ত বাস্তৱত পৰিণত হ’লে উজনিৰ ৰাইজে গুৱাহাটীলৈ নোযোৱাকৈয়ে চাবলৈ পাব চিৰিয়াখানা ।’’
Assam CM in Dibrugarh:অসম পেট্ৰ'কেমিকেলৰ নতুন প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড় ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে পৰিদৰ্শন কৰিলে নামৰূপস্থিত অসম পেট্ৰ'কেমিকেল লিমিটেডৰ নতুন প্ৰকল্পটো (CM visited Assam Petrochemical Limited)। নিৰ্মীয়মাণ ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্পটো মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে । এই প্ৰকল্পটো পৰিদৰ্শন কৰি প্ৰকল্পটোৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma at Dibrugarh)।
India Covid Measures : চিকিৎসা অক্সিজেন যোগান সন্দৰ্ভত ৰাজ্যসমূহলৈ পত্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শনিবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ কোভিড-১৯ মহামাৰী ব্যৱস্থাপনাৰ বাবে চিকিৎসা অক্সিজেনৰ কাৰ্যকৰী আৰু নিয়মীয়া যোগান নিশ্চিত কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে (Health Ministry letters on medical oxygen supply) ।
Haryana Govt: পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব এখন ৰাজ্যৰ চৰকাৰে, কিন্তু কেনেকৈ ?
এখন ৰাজ্যৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক টোপনিৰ পৰা জগাই দিবলৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা আৰু পৰীক্ষাৰ্থীৰ পিতৃ-মাতৃয়ে সন্তানক পঢ়িবলৈ টোপনিৰ পৰা জগাব নালাগে ৷ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব ৰাজ্যখনৰ চৰকাৰে ৷ কিন্তু কেনেকৈ?