Gujarat Assembly polls 2022 : অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন
অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022)। ৮ ডিচেম্বৰত ভোটগণনা কৰা হ'ব । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে ।
Fancy Bazaar Stolen idol recovered: গুৱাহাটীৰ ফাঁচীবজাৰৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি উদ্ধাৰ
গুৱাহাটীৰ ফাঁচীবজাৰৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি উদ্ধাৰ (Fancy Bazaar Stolen idol recovered) ৷ লগতে গ্ৰেপ্তাৰ হ'ল মূৰ্তি চুৰি কৰা চোৰটোও ৷ মঙলবাৰে গুৱাহাটীৰ ফাঁচীবজাৰৰ গোবিন্দ দেৱ মন্দিৰত সংঘটিত হৈছিল চুৰিকাণ্ড ৷ চোৰে লৈ গৈছিল মন্দিৰৰ কৃষ্ণ মূৰ্তিভাগ ৷
Ayodhya land scam : প্ৰধানমন্ত্ৰীক তদন্তৰ দাবী বিজেপি নেতাৰ
নজুল ভূমি কেলেংকাৰীক লৈ চৰ্চাত আছে ৰাম জন্মভূমি অযোধ্যা (Nazul land scam in Ayodhya)। বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল কৰিলে বিজেপিৰ নেতা ৰজনীশ সিঙে । তেওঁৰ মতে একাংশ স্থানীয় লোকৰ সৈতে মিলি চৰকাৰী বিষয়াসকলে এই কেলেংকাৰী সংঘটিত কৰিছে ।
Bangladeh Jail Killing Day: আজি বাংলাদেশে পালন কৰিছে কাৰাগাৰ হত্যা দিৱস
বাংলাদেশৰ ইতিহাসৰ এটা কলংকিত দিন হৈছে ৩ নৱেম্বৰ (3 November black day of Bangladesh) । কিয়নো ১৯৭৫ চনৰ এই ৩ নৱেম্বৰতে সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক নিৰ্মম আৰু মৰ্মান্তিক হত্যাকাণ্ড । যি হত্য়াকাণ্ড বাংলাদেশৰ ইতিহাসত এক মচিব নোৱাৰা দুৰ্বিষহ স্মৃতি হিচাবে চিৰদিন থাকি যাব । আজিৰ দিনটোতে কাৰাগাৰৰ ভিতৰত হত্যা কৰা হৈছিল বাংলাদেশৰ চাৰিগৰাকীকৈ জাতীয় নায়কক । যাৰ স্মৃতিত প্ৰতিবছৰে বাংলাদেশত ৩ নৱেম্বৰ তাৰিখটো কলংকিত কাৰাগাৰ হত্যা দিৱস হিচাবে পালন কৰা হয় (Bangladesh Jail killing day) ।
Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা
কেন্দ্ৰীয় ভিজিলেন্স আয়োগে (Central Vigilance Commission) জীৱনৰ সকলো ক্ষেত্ৰত অখণ্ডতাৰ বাৰ্তা প্ৰচাৰ কৰাত সকলো অংশীদাৰক একত্ৰিত কৰিবলৈ প্ৰতি বছৰে ভিজিলেন্স সজাগতা সপ্তাহ পালন কৰে (Vigilance Awareness Week) । এই বছৰ এই সপ্তাহ 31 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈ "এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত" শীৰ্ষক বিষয়বস্তুৰে পালন কৰা হৈছে ।