Ragging in Dibrugarh University: মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক কাণ্ড ৷ জেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন এজন ৷ এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট ৷ দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ ৷ ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জেষ্ঠ ছাত্ৰক ৷
Road accident in Tamulpur: তামুলপুৰত কাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন
তামুলপুৰৰ বাৰেইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা ৷ সোমবাৰে পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷ চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ (Road accident in Tamulpur) ৷
Barjatri group attacked: মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন
মৰিগাঁৱত বৰযাত্ৰীক আক্ৰমণ তেল ডিপোৰ কৰ্মচাৰীৰ ৷ দা, লাঠি লৈ বৰযাত্ৰীৰ বাহনত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে (Attack on Bridegroom Party in Marigaon) । ক্ষতিগ্ৰস্ত হ’ল বৰযাত্ৰীৰ বাহন । ইফালে বৰযাত্ৰীৰ দলটোৰ একাংশই সুৰাপান কৰি তেল ডিপোৰ সামগ্ৰী অনিষ্ট কৰাৰ অভিযোগ স্থানীয় লোকৰ । ঘটনা সংক্ৰান্তত দুজনক আটক ।
Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ
লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Bihpuria) ৷ বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত ৷
Jhalak Dikhhla Jaa 10 winner: ঝলক দিখলা জা 10 ৰ বিজয়ী গুৱাহাটীৰ গুঞ্জন সিনহা
গুৱাহাটীৰ 8 বছৰীয়া গুঞ্জন সিনহাই ঝলক দিখলা জা 10 ৰ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে । অনুষ্ঠানটো 3 ছেপ্টেম্বৰত 15 জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।