ডিব্ৰুগড়ত হাস্পতালত ভৰ্তি হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ
জুবিন গাৰ্গ চিকিৎসাধীন ৷ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বাথৰূমত পিছল খাই পৰি মুৰত গুৰুতৰভাৱে আঘাত পাইছে কন্ঠশিল্পীগৰাকীয়ে ৷
বলীউডক অন্য এক মাত্ৰা দিয়া নাছিৰুদ্দিন শ্বাহৰ আজি ওপজা দিন
চলচ্চিত্ৰ জগতক নতুন উচ্চতালৈ লৈ যোৱা প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহৰ আজি 72 বছৰীয়া জন্মদিন (Naseeruddin Shah birthday) ৷ এই শুভ ক্ষণত ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা অভিনেতাজনলৈ জন্মদিনৰ অফুৰন্ত শুভেচ্ছা জনালো ৷
Man-Elephant conflict: হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে "হাতীবন্ধু"ৰ অভিনৱ পদক্ষেপ
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man-Elephant conflict) ৷ দিনক-দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে এই ঘটনা ৷ এই সংঘাত ৰোধৰ বাবে 'হাতীবন্ধু' নামৰ এটি সংগঠনৰ পৃষ্ঠপোষক প্ৰদীপ কুমাৰ ভূঞা আৰু সমগ্ৰ পৰিকল্পনাটোৰ নেতৃত্ব বহন কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ ৷ এনে কি পদক্ষেপৰ দ্বাৰা এই সংগঠনটোৱে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে চেষ্টা চলাইছে চাওক সবিশেষ...
Minister Ranjit Dass at Barpeta: কংগ্ৰেছৰ পৰা লোকসভাৰ তিনিখন আসন কাঢ়িব বিজেপিয়ে
কংগ্ৰেছৰ দখলত থকা তিনিখন লোকসভাৰ আসন বৰপেটা, কলিয়াবৰ আৰু নগাঁও দখলৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে(BJP is trying to win three Lok Sabha seats) ৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ পৰা অতিৰিক্ত আন তিনিখন লোকসভাৰ আসন ৰাষ্ট্ৰীয় নেতৃত্বই বিচৰা বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।
BJPs state president comment on GST: জিএছ টিৰ দ্বাৰা ধনী লোকো ক্ষতিগ্ৰস্ত হয়
জিএছ টি বৃদ্ধিৰ বাবে অকল শাসকীয় দলেই জগৰীয়া নহয় বুলি মন্তব্য় কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই (BJPs state president Bhabesh Kalita comment on GST)। তেওঁ কয় যে জিএছ টিৰ দ্বাৰা কেবল দুখীয়া লোকেই নহয়,ধনী লোকো ক্ষতিগ্ৰস্ত হয়।