প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো : হিমন্ত বিশ্ব শৰ্মা
বৃহস্পতিবাৰে মাজনিশা ঘোষিত ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে(BJP won both the Rajya Sabha seats in Assam) । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই ফলাফল অৱধাৰিত আছিল বুলি উল্লেখ কৰে ৷
Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ
বৃহস্পতিবাৰে মাজনিশা ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল 2020 (Assam Rajya Sabha Election Results 2022) । ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে ।
ৰাজ্যসভা নিৰ্বাচনতো বিধস্ত: অসমৰ পৰা নাথাকিল কোনো কংগ্ৰেছ সাংসদ
ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ৷ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়লাভ কৰে বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী দুগৰাকীয়ে ৷ বিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত APCC ৰ প্ৰতিবাদ
‘‘মেহেংগাই মুক্ত ভাৰত অভিযান’’ শীৰ্ষক প্ৰতিবাদেৰে উত্তাল হৈ পৰিল সোণাৰি ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ সোণাৰিত প্ৰতিবাদত বহিল চৰাইদেউ জিলা কংগ্ৰেছ (APCC protest at Sonari) ৷ ৰাজ্যসভা নিৰ্বাচনৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে পেট্ৰ’ল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি (Price hike in Assaam )ৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে সোণাৰিত অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ।
লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ
সত্ৰৰ ভূমি বেদখলৰ পাচত এইবাৰ বেদখল হৈছে বিদ্যালয়ৰ ভূমি (School Land Enchrochment) ৷ জানিব পৰা মতে, এইবাৰ ভূমি বেদখলৰ কবলত পৰিছে লখিমপুৰৰ চেইন্ট মেৰীজ স্কুল ৷ এই অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে ৷