Shooting of Emergency: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কংগনা ৰাণাৱটৰ
অসমত বাহৰ পতা বলীউডৰ মোহময়ী অভিনেত্রী, চলচ্চিত্র নির্মাতা কংগনা ৰাণাৱটৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ (Kangana Ranaut talk with Assam CM)। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সৌহার্দমূলক সাক্ষাৎ কৰি অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কাম-কাজক ভূয়সী প্রশংসা কৰে ৷
Arjuna Award 2022: অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেল্থ গেমছৰ স্বৰ্ণ বিজয়ী নয়নমণি
ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত Commonwealth Games 2022 ত লনবল প্ৰতিযোগিতাত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়াই । তেওঁ গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াতো লন বলত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই সাফল্য়ৰ বাবেই এইবাৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে খেলুৱৈ গৰাকীক ।
Charaideo DTO Suspended : চৰাইদেউ জিলা পৰিবহন বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন
চৰাইদেউ জিলা পৰিবহন বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন (Charaideo DTO Suspended) ৷ নাগালেণ্ড, অৰুণাচলৰ ভুৱা অনুজ্ঞাপত্ৰ বৈধ কৰিছিল বৰদলৈয়ে ৷
Goalpara Municipal Board : দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত বিজেপি গঠিত গোৱালপাৰা পৌৰসভা
দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত বিজেপি গঠিত গোৱালপাৰা পৌৰসভা (Goalpara Municipal Board)। গোৱালপাৰা পৌৰসভাত মল পৰিশোধন প্লাণ্টৰ নামত কোটিটকীয়া বৃহৎ কেলেংকাৰী । নীতি-নিয়মক জলাঞ্জলি দি এটা কোম্পানীলৈ অহেতুক দৰদ কিয় পৌৰসভাৰ ? চাওক ই টিভি ভাৰত অসমৰ এক exclusive প্ৰতিবেদন ।
Shweta Bachchan: বিয়াৰ পাচত ৩ হাজাৰ টকা বেতনত শিক্ষকতা কৰিছিল অমিতাভ বচ্চনৰ কন্যা শ্বেতাই
শেহতীয়াকৈ নব্যাৰ প’ডকাষ্ট ‘ৱাট দ্য হেল নব্যা’ৰ এটা খণ্ডত শ্বেতা বচ্চন নন্দাৰ কন্যা নব্যা নভেলী নন্দাই তেওঁ আৰু তেওঁৰ মাতৃ তথা আইতাক জয়া বচ্চনৰ ধনৰ সৈতে সম্পৰ্ক আৰু মহিলাৰ বাবে আৰ্থিক সম্পৰ্কৰ ওপৰত এক আলোচনা কৰে ৷ য'ত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে কিদৰে বিবাহৰ পিছত শ্বেতাই মাহিলী ৩ হাজাৰ টকা বেতনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ৷