বিশ্বনাথ, ১৩ জানুৱাৰী :চাৰিওফালে ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে । ভোগালীৰ বজাৰত বিভিন্ন খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকে ভিৰ কৰা দেখা গৈছে । ভোগালীক লৈ সকলো ব্যস্ত হৈ থকাৰ মাজতে বিশ্বনাথৰ বিহালীত বাঘৰ আতংক (Tiger scare in Bihali) । বাঘৰ আক্ৰমণত বহু পশুধনৰ মৃত্যু হোৱা দেখা গৈছে ৷
বুধবাৰে পুনৰ ৰাংছালীত বাঘৰ আক্ৰমণ মৃত্যু হ'ল পশুধনৰ । জানিব পৰা মতে, নিশা প্ৰায় ৮ মান বজাতবৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাঁৱখনত এটা ঢেকীয়াপতীয়া বাঘে প্ৰৱেশ কৰে (Tiger free roaming in Bihali) ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড বাঘটোৱে গাঁৱখনৰ জিতেন দাস নামৰ লোকজনৰ গোহালিৰ পৰা টানি নিয়ে গৰু পোৱালি ৷