অসম

assam

ETV Bharat / state

বিহালীত বাঘৰ আক্রমণ: সংকিত স্থানীয় লোক - বিহালী সমষ্টিৰ ৰাংছালী আদৰ্শ গাৱঁত বাঘৰ আতংক

বিহালী সমষ্টিৰ ৰাংছালী আদৰ্শ গাৱঁত বাঘৰ আতংক ৷ প্ৰায় তিনি মাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এটা বাঘে সন্ত্ৰাস চলাইছে সমগ্ৰ অঞ্চলটোত ৷ বাঘটোৱে একাংশ গো-পালকৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছে গোহালীৰ গৰু ৷ যাৰ ফলত প্ৰতিদিনে মৃত্যু হৈছে দুই-তিনিটাকৈ গো-ধনৰ ৷

বিহালীত বাঘৰ আক্রমণ,সংকিত স্থানীয় লোক
বিহালীত বাঘৰ আক্রমণ,সংকিত স্থানীয় লোক

By

Published : Mar 3, 2021, 5:14 PM IST

Updated : Mar 3, 2021, 5:48 PM IST

বিশ্বনাথ,৩ মাৰ্চ:বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংছালী আদৰ্শ গাৱঁত বাঘৰ আতংক ৷ বাঘৰ আতংকত গো-পালকৰ পানীত হাঁহ নচৰা অৱস্থা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব অৱস্থিত এই আদৰ্শ গাঁও খনত প্ৰায় তিনি মাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এটা বাঘে চলাইছে সন্ত্ৰাস ৷ বাঘটোৱে সমগ্ৰ অঞ্চলতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। দৈনিক গো-পালক সকলে ভুগিছে শংকাত ৷ কিয়নো বাঘটোৱে একাংশ গো-পালকৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছে গোহালীৰ গৰু ৷ যাৰ ফলত প্ৰতিদিনে মৃত্যু হৈছে দুই-তিনিটাকৈ গো-ধনৰ ৷

বিহালীত বাঘৰ আক্রমণ: সংকিত স্থানীয় লোক

স্থানীয় লোক সকলে ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মঙলবাৰেও ৰাংছালী গাঁৱৰ দিপক বৰুৱা,প্ৰণৱ দাসৰ লগতে আন কেইবাজনো ব্যক্তিৰ ঘৰৰ গৰু বাঘে আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে । অঞ্চলটোৰ প্ৰায় দুই-তিনিখন গাঁৱত সন্ত্ৰাস চলোৱা কাজিৰঙা ষষ্ঠ-সংযোজনৰ পৰা উলাই অহা বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক:বিশ্ব বন্যপ্ৰাণী দিৱসত অসম ৰাইফলছৰ বিশেষ পদক্ষেপ

Last Updated : Mar 3, 2021, 5:48 PM IST

ABOUT THE AUTHOR

...view details