বিশ্বনাথ,২৫ জুন:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধৰ্মীয়স্থানত বিভিন্ন সময়ত চোৰে চলাই আহিছে চাফাই অভিযান(Theft at religious places in Assam)। বিশ্বনাথ জিলাৰ ধৰ্মীয়স্থানতো পৰিছে চোৰৰ চকু । শুকুৰবাৰে নিশা সংঘটিত এক চুৰিকাণ্ডক লৈ বিশ্বনাথত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ।
শুকুৰবাৰে নিশা বিশ্বনাথ চাৰিআলি পানীভড়ালৰ ৰাধা কৃষ্ণ প্ৰাণামী মন্দিৰত(Krishna Pranami Temple Biswanath) সংঘটিত হ’ল চুৰিকাণ্ড । ১৯৬৮ চনতে স্থাপিত ঐতিহাসিক মন্দিৰটোৰ আলমিৰা আৰু দানপাত্ৰ ভাঙি চোৰে লুটি লৈ গ’ল লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী । দানপাত্ৰ ভাঙি নিয়াৰ উপৰিও চোৰে লুটি নিলে মন্দিৰৰ দেৱবাদ্য ।