বিশ্বনাথ, ১০ জুলাইঃপুনৰ বানৰ কবলত বিশ্বনাথৰ গহপুৰ সমষ্টি ৷ ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানৰ লগতে ব্ৰহ্মাজান,চত্ৰং,কুকৰজান,সোলেঙী,ডুবিয়া,চেঁচা আদি পাহাৰীয়া নৈয়ে জুৰুলা কৰিছে গহপুৰৰ দক্ষিণাঞ্চলক ৷ কেওফালৰ পৰা অহা নৈ-উপনৈৰ বাঢ়নি পানীয়ে তাণ্ডৱ চলাইছে গহপুৰত ৷ প্ৰথমটো বানত ইতিমধ্যে খেতিমাটি,ঘৰ-দুৱাৰ,বাট-পথ বিধ্বস্ত হোৱাৰ পাছত পুনৰ দ্বিতীয়টো বানে তাণ্ডব সৃষ্টি কৰিছে সমষ্টিটোত ৷ ফলত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ হোজাইত নাবালিকাক পলুৱাই আনি গ্ৰেপ্তাৰ এজন
এসাপ্তহৰ পূৰ্বে প্ৰথমটো বান শুকোৱাৰ পাছত ৰাইজে কিছু স্বস্তিৰ নিশ্বাস লৈছিল যদিও পুনৰ বানে জুৰুলা কৰিছে গহপুৰবাসীক ৷ পুনৰ নিশাটোৰ ভিতৰতে অহা ধাৰাষাৰ বৰষুণৰ ফলত দিক বিদিক হেৰুৱাইছে বন্যাৰ্তই ৷ উল্লেখ্য যে,ৰাইজৰ এই দুৰ্দশাৰ সময়ছোৱাতো কোনো বান পীড়িত অঞ্চলসমূহত কোনো প্ৰশাসনৰ লোক অথবা জনপ্ৰতিনিধি উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই ।
দ্বিতীয়টো বানৰ কবলত গহপুৰ সমষ্টি উল্লেখ্য যে, ইতিমধ্যে যোৰহাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিচাং, গোলাঘাটত ধনশিৰি,শোণিতপুৰত জীয়া ভৰলু নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে ৷ বানৰ ফলত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে ধেমাজি,লখিমপুৰ,চৰাইদেউ,বিশ্বনাথ, চিৰাং,নলবাৰী,বৰপেটা,গোৱালপাৰা,মৰিগাঁও,নগাঁও,গোলাঘাট আৰু তিনিচুকীয়া জিলা ৷