অসম

assam

ETV Bharat / state

বিশ্বনাথৰ বিহালীত ভয়ংকৰ অগ্নিকাণ্ড - প্ৰধান শিক্ষক অনিল দাসে কোনো দুৰ্বৃত্তই বিদ্যালয়খনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে

ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জাহ যায় বিদ্যালয়ৰ অধিকাংশ সা-সম্পত্তি ৷ কোনো দুৰ্বৃত্তই বিদ্যালয়খনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ৷

the fire broke out at biswanath
বিশ্বনাথৰ বিহালীত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Apr 19, 2020, 1:36 PM IST

বিশ্বনাথ,19 এপ্ৰিলঃ বিশ্বনাথত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ বিশ্বনাথৰ বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গতগোপীনাথ বিদ্যাপীঠ নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা ৷ স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত বৰগাঙৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাই যদিও ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জাহ যায় বিদ্যালয়ৰ অধিকাংশ সা-সম্পত্তি ৷ আনহাতে,ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ইটিভি ভাৰতৰ সাংবাদিকৰ আগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনিল দাসে কোনো দুৰ্বৃত্তই বিদ্যালয়খনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে এই ঘটনাৰ সন্দৰ্ভত এতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষককে ধৰি স্থানীয় ৰাইজে এক উচিত তদন্তৰ দাবী কৰিছে ৷

বিশ্বনাথৰ বিহালীত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details