অসম

assam

ETV Bharat / state

এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য - যৌতুকৰ বাবে বোৱাৰী হত্যা

এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গলচেপাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ ৰানুমাই দাস নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ নিজ স্বামী গৃহত উদ্ধাৰৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওখনত ৷

এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য
এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্যএগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য

By

Published : May 7, 2021, 10:23 AM IST

Updated : May 7, 2021, 3:12 PM IST

বিশ্বনাথ,7 মে': বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গলচেপাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যই বিৰাজ কৰিছে গাঁওখনত । ঘটনা অনুসৰি, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গলচেপা গাঁৱৰ দীপক বৰা নামৰ এগৰাকী যুৱকৰ সৈতে 6 মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল বিহুমাৰী বনগাঁৱৰ ৰানুমাই দাস নামৰ যুৱতীগৰাকী ৷ কিন্তু বৃহস্পতিবাৰে বোৱাৰীগৰাকীৰ মৃতদেহ নিজ স্বামী গৃহত উদ্ধাৰৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওখনত ৷

এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য

ৰুনুমাইৰ পৰিয়ালৰ অভিযোগ মতে, দীৰ্ঘদিন দিনৰ পৰা বোৱাৰীগৰাকীৰ স্বামী দীপক বৰাৰ লগতে পৰিয়ালৰ আন আন সদস্যসকলে যৌতুক দাবী কৰি বিভিন্ন সময়ত নানান অত্যাচাৰ, গালি-গালাজৰ লগতে হত্যাৰ ভাবুকি দি আহিছিল বোৱাৰীগৰাকীক ৷ তথাপিও কোনো প্ৰতিবাদ নকৰাকৈ বোৱাৰীগৰাকীয়ে দিন অতিবাহিত কৰিছিল স্বামী গৃহত ৷ কিন্তু হঠাৎ বৃহস্পতিবাৰে বোৱাৰীগৰাকীয়ে চিপলৈ আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোক স্বামী গৃহত উপস্থিত হয় আৰু মৃতদেহটো বিচনাত পৰি থকা দেখা পোৱাৰ পাচত হুৱা-দুৱা লাগে ৷

এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য

ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে যদিও বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷ স্বামী দীপক বৰা আৰু পৰিয়ালৰ আন আন সদস্য সকলে মিলি বোৱাৰীগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে স্বামী দীপক বৰাৰ লগতে তেওঁৰ মাতৃক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ ইফালে এই ঘটনা বিয়পি পৰাত স্থানীয় লোকৰ লগতে বিভিন্ন দল সংগঠনৰ লোক গহপুৰ থানা চৌহদত উপস্থিত হৈ অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ

Last Updated : May 7, 2021, 3:12 PM IST

ABOUT THE AUTHOR

...view details