অসম

assam

ETV Bharat / state

কংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰেঃ বিধায়ক পদ্ম হাজৰিকা - ফুটা নাঁও

কংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰে ডুবু-ডুবু অৱস্থাত পৰিণত হৈছে । কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ বিশেষকৈ ডুবু-ডুবু অৱস্থাত থকা কংগ্ৰেছ দলৰ কৰ্মী সকলে নিজ দলৰ প্ৰতি আস্থা হেৰুৱাই আমাৰ দলত যোগদান কৰিছে ৷ এই মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

The Congress party is like a broken boat
কংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰেঃ বিধায়ক পদ্ম হাজৰিকা

By

Published : Sep 17, 2020, 2:28 PM IST

চতিয়া,17ছেপ্তেম্বৰঃকংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰে ডুবু-ডুবু অৱস্থাত পৰিণত হৈছে । কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ বিশেষকৈ ডুবু-ডুবু অৱস্থাত থকা কংগ্ৰেছ দলৰ কৰ্মী সকলে নিজ দলৰ প্ৰতি আস্থা হেৰুৱাই আমাৰ দলত যোগদান কৰিছে ৷ বুধবাৰে জামুগুৰিহাটৰ ইটাখোলা শংকৰ দেৱ ভৱনত অনুষ্ঠিত এক দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

কংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰেঃ বিধায়ক পদ্ম হাজৰিকা

ইপিনে এই দলীয় সভাত আছুৰ বহু কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে কংগ্ৰেছ দলৰ জেষ্ঠ সদস্যা তথা দক্ষিণ নাগশংকৰ প্ৰাক্তন মণ্ডল সভানেত্ৰী বাসনা দাসৰ নেতৃত্বত কেইবাজনো কংগ্ৰেছৰ সদস্য-সদস্যাই যোগদান কৰে ৷ তদুপৰি ইটাখোলা অঞ্চলৰ প্ৰায় ডেৰ শতাধিক কংগ্ৰেছৰ বিষয়-ববীয়াই বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে ৷ বিধায়কগৰাকীয়ে সকলো যোগদানকাৰীকে ফুলাম গামোচাৰে বিজেপি দললৈ আদৰণি জনায় ৷ আনহাতে,সভাত যোগদানকাৰীসকলক সৎ আৰু নিষ্ঠাৰে দলীয় কাম-কাজৰ লগতে নিঃস্বাৰ্থ ভাবে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনায় বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে পঢ়কঃঅসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে ?

ABOUT THE AUTHOR

...view details