বিশ্বনাথ, ৩১ জানুৱাৰী :বিশ্বনাথ জিলাৰচাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যানখন দেওবাৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। এই উপলক্ষে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা ৷
দেওবাৰে মুকলি হ'ল বিশ্বনাথ জিলাৰ একাদশ স্মৃতি উদ্যান শিক্ষক ৰুণু ফুকনে আঁত ধৰা সভাখনিত উদ্দেশ্য বাখ্যা কৰে শিক্ষক যামিনী বাঢ়ৈয়ে ৷ সভাত বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰনাথ হাজৰিকা, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা স্বপনা বৰা দাস, অৱসৰপ্ৰাপ্ত অভিযন্তা কোষেশ্বৰ বৰা, ডা: লোহিত শৰ্মা, থুলেশ্বৰ গোস্বামী,অৱসৰপ্ৰাপ্ত শিক্ষক হেৰেম্ব শইকীয়া আদি উপস্থিত থাকে।
দেওবাৰে মুকলি হ'ল বিশ্বনাথ জিলাৰ একাদশ স্মৃতি উদ্যান উল্লেখ্য যে, বিশ্বনাথ সমষ্টিৰ বিধায়ক পুঁজিৰে ১৯৬৩ চনৰ ৩১ জানুৱাৰীত বিদ্যালয়ৰ সৰস্বতী পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণ বিসৰ্জন দিয়া ১১ জনকৈ শিক্ষক আৰু ছাত্ৰ সকলৰ পবিত্ৰ স্মৃতিত এই একাদশ স্মৃতি উদ্যানখন নিৰ্মাণ কৰা হৈছে । সভাত বহ্মপুত্ৰৰ বুকুত প্ৰাণ বিসৰ্জন দিয়া হলধৰ হাজৰিকা, বিশ্বনাথ সাহা, তৰুণ বৰা হৰেণ গোস্বামী, যতীন মেধি, টংকেশ্বৰ ফুকন, খৰ্গেশ্বৰ সুত, কোষেশ্বৰ কলিতা, চন্দ্ৰেশ্বৰ শৰ্মা, লক্ষেশ্বৰ শৰ্মা বৰুৱা, ভৱেন শৰ্মাৰ পৰিয়ালৰ লোক উপস্থিত থাকে ৷
দেওবাৰে মুকলি হ'ল বিশ্বনাথ জিলাৰ একাদশ স্মৃতি উদ্যান লগতে পঢ়ক : ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী