অসম

assam

ETV Bharat / state

Dead body recover: এটা মৃতদেহক লৈ সৰ্বত্ৰে চাঞ্চল্য, কিন্তু মৃতদেহ খান্দোতে ওলাল....

বিশ্বনাথৰ মৰলগাঁৱত হুৱা-দুৱা লগাইছে এটা মৃতদেহে ৷ অচিনাক্ত নৱজাতক এটিক হত্য়া কৰি সমাধিস্থ কৰাৰ সন্দেহত খান্দোঁতে ওলাল কুকুৰৰ শ ৷

Dead body recover
এটা মৃতদেহক লৈ সৰ্বত্ৰে চাঞ্চল্য, কিন্তু মৃতদেহ খান্দোঁতে ওলাল

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:26 PM IST

এটা মৃতদেহক লৈ সৰ্বত্ৰে চাঞ্চল্য, কিন্তু মৃতদেহ খান্দোঁতে ওলাল

বিশ্বনাথ, ৬ নৱেম্বৰ :এটা মৃতদেহে হুৱা দুৱা লগাইছে বিশ্বনাথত ৷ বিশ্বনাথৰ মৰলগাঁৱত কোনো দুৰ্বৃত্তই সোমবাৰে পুৱা অচিনাক্ত নৱজাতক এটিক হত্য়া কৰি সমাধিস্থ কৰিছে ৷ লগে লগে এই খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰিল ৷ তাৰ পিচতেই স্থানীয় ৰাইজৰ মাজত গভীৰ উৎকণ্ঠা যে, কোনে সংঘটিত কৰিছে এনে পাশৱিক ঘটনা ? এই সন্দেহৰ ভিত্তিতেই স্থানীয় লোকে বিশ্বনাথ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

খবৰ পোৱাৰ লগে লগে বিশ্বনাথ আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে আহি স্থানীয় লোকৰ সৈতে কথা বতৰা পাতি সিদ্ধান্ত কৰে যে ঠাইখিনি খান্দি মৃতদেহটো উলিওৱা হ’ব ৷ তাৰ পিচত কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হোৱালৈ আৰক্ষীসহ স্থানীয় লোকে অপেক্ষা কৰিলে ৷

দণ্ডাধীশ উপস্থিতিত খন্দা হ'ব বালিচৰৰ অংশটো। অৱশেষত কিছু সময়ৰ পিচত ঘটনাস্থলীত উপস্থিত হ’ল দণ্ডাধীশ ৷ আৰম্ভ হ’ল সদ্যজাতকৰ মৃতদেহ খান্দি উলিওৱাৰ অভিযান। আৰক্ষীও নামি পৰিল গাঁ‌ত খন্দাত। কিছু সময়ৰ পিচত অৱশেষত অপ্ৰত্যাশিতভাৱে উদ্ধাৰ কৰা হ’ল এটা মৃতদেহ। কিন্তু এই মৃতদেহ নৱজাতকৰ নাছিল, উদ্ধাৰ কৰা হ’ল এটা কুকুৰৰ মৃতদেহহে।

লগে লগে উপস্থিত লোকসকল আচৰিত হয় ৷ অৱশ্যে কোনো সদ্যজাতকৰ মৃতদেহ নোহোৱাত স্বাস্তিৰ নিশ্বাস এৰে স্থানীয় লোকসকলে ৷ এই ঘটনাৰ পিচতে আৰক্ষীয়ে সকলোকে আহ্বান জনায় যে, অনাগত সময়ত যদি এনে জীৱ-জন্তু মৃত্যুৰ পিচত পুতি থয় তেন্তে আৰক্ষীক যাতে অৱগত কৰে।

এইবাৰেই প্ৰথম নহয়, বিগত সময়তো বিশ্বনাথ আৰক্ষীয়ে এনে ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে। যি কি নহওঁক এই ঘটনাই স্থানীয় লোকৰ মনত কৌতুহলৰ সৃষ্টি কৰিছিল যদিও অৱশেষত এই ঘটনাই বহু লোকক হাঁ‌হিৰ খোৰাক যোগাইছে ৷

লগতে পঢ়ক:Cyber Criminal arrested: পুনৰ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

ABOUT THE AUTHOR

...view details