বিশ্বনাথ,03 জুন :সোমবাৰে বিশ্বনাথ জিলাৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ৰাজেন ৰাউতিয়া নামৰ এজন শ্ৰমিকে উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয় ৷
বিশ্বনাথৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনা - etv bharat assam
শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিছাৰ কাম বন্ধ কৰি ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিছাৰ চিকিৎসালয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি পেটৰ বিষত আক্ৰান্ত হোৱা ৰাজেনক দেওবাৰে পুৱাই চাহ বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ দিনটো বাগিছাৰ চিকিৎসালয়তে ৰখা ৰাজেনক বিয়লি বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইফালে শ্ৰমিকজন অধিক অসুস্থ হোৱাৰ বাবে তেওঁক বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যু হয় শ্ৰমিক ৰাজেনৰ ৷ আনহাতে বাগিছাৰ চিকিৎসালয়ত 5 ঘন্টা ধৰি ৰখা ৰাজেনে উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলত ৰাজেনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে বাগিচাৰ শ্ৰমিকসকলে ৷ ইয়াৰোপৰি বাগিছা খনৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি ঔষধ পাতিৰ অভাৱৰ বিষয়ে শ্ৰমিকসকলে বাগিছাৰ কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি ৰাজেনৰ উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ নিবলৈও বাগিছাৰ মালিক পক্ষই কোনো ধৰণৰ সুবিধা কৰি নিদিয়াৰ অভিযোগ তুলে শ্ৰমিক সকলে ৷
সেয়ে সোমবাৰে পুৱা শ্ৰমিকসকলে বাগিছাৰ কাম বন্ধ কৰাৰ লগতে,চিকিৎসালয় ঘেৰাও কৰি বাগিছাৰ পৰিচালকৰ লগতে চিকিৎসাকৰ্মী সকলক আবদ্ধ কৰি ৰাখে ৷ পৰৱৰ্তী সময়ত শ্ৰমিকসকলক বুজাবলৈ অহা, চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্ক'লৰ সভাপতি নগেন গোৱালা আৰু একাংশ শ্ৰমিকৰ মাজত হতাহতিও হয় ৷ ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বালিচাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ক্ষুব্ধ ৰাইজে ওভতাই পঠিয়াই আৰক্ষীক ৷