বিশ্বনাথ, ১৯ ছেপ্টেম্বৰ:ৰাজ্যৰ আন আন প্ৰাপ্তৰ লগতে সোমবাৰে বিশ্বনাথ চাৰিআলি নেপালী সমন্বয় সমিতি আৰু বিশ্বনাথ নগৰৰ তীজ উদযাপন সমিতি সহযোগত দিনজোৰা কাৰ্যসূচীয়ে তীজ উৎসৱ পালন কৰা হয় । বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অঞ্চলৰ মহিলাসকলে গোৰ্খা সমাজৰ মহিলা কেন্দ্ৰিক ধৰ্মীয় সাংস্কৃতিক উৎসৱ তীজ উলহ মালহৰে পালন কৰে । এই তীজ উপলক্ষে সোমবাৰে কোচ গাঁৱৰ ৰাজলক্ষ্মী ভৱনত দিনজোৰা কাৰ্যসূচীৰে হৰিতালিকা ব্ৰত পালন কৰা মহিলাসকলে পূজা-অৰ্চনা কৰে । তেওঁলোকে পূজা-অৰ্চনা সম্পূৰ্ণ কৰি লোকগীত, লোকনৃত্য প্ৰদৰ্শন কৰে ।
পৰম্পৰাগতভাৱে চলি অহা তীজ উৎসৱৰ লগত সংগতি ৰাখি গোৰ্খা সমাজৰ মহিলাসকলে ভাদ্ৰ শুক্লা তৃতীয়া তিথিত সূৰ্যোদয়ৰ আগৰ পৰাই এটুপি পানী নোখোৱাকৈ দিনৰ মধ্যাহ্ন ভাগত শিৱৰ পূজা-অৰ্চনা কৰে । অৰ্ধ শতাধিক মহিলাই ব্ৰত ৰাখি পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে । সমন্বয় সমিতিৰ সভাপতি লোকনাথ শাস্ত্ৰীক এই পূজা ভাগ সম্পন্ন কৰোৱাত সাধাৰণ সম্পাদক দূৰ্গা উপাধ্যায়ে সহযোগ কৰে । এই ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানত ড৹ চিন্তামণী শৰ্মা, ড৹ ভক্ত প্ৰসাদ গৌতম,সমন্বয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নবীন উপাধ্যায়, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বেদদীপ উপাধ্যায়,সম্পাদক চন্দ্ৰ উপাধ্যায়, চিত্ৰ পৌৰেল,প্ৰেম বিশ্বকৰ্মা,ৰুদ্ৰ ছেত্ৰী,সদানন্দ শৰ্মা,টীকাৰাম শৰ্মা,ডালিম উপাধ্যায়,প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।