বিশ্বনাথ,5 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগে শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ অপ্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ প্ৰায়ভাগ শিক্ষকক নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথৰ এজন শিক্ষকে টুকিছে চকুলো ৷
বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আনন্দৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দিলীপ বৰা বঞ্চিত হৈছে এই নিযুক্তিৰ পৰা ৷ সৰুসজাই ষ্টেডিয়ামৰ পৰিৱৰ্তে তেওঁক দেখা গৈছে বিদ্যালয়খনত । শিক্ষক দিলীপ বৰাই সাংবাদিকক জনোৱা মতে, নিজৰ যোগ্যতা থকা পাচতো তেওঁ কিয় এই নিযুক্তি পৰা বঞ্চিত হ’ল সেয়া ৰহস্যৰ আৱৰ্তত ।
উল্লেখ্য যে, 1986 চনৰ 1 জানুৱাৰীত এই বিদ্যালয়খন নিজৰ মাটিত স্থাপন কৰি প্ৰায় 60 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান প্ৰদান কৰিছে আহিছে শিক্ষক দিলীপ বৰাই ৷ বৰ্তমান বিদ্যালয়খনত 29 গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷
তদুপৰি 2009 চনৰ পৰাই চৰকাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ যোগান ধৰি আহিছে । বৃহস্পতিবাৰলৈ নিযুক্তি পত্ৰত নাম থকাৰ পাচতো হঠাৎ কিয় নিযুক্তি পত্ৰৰ পৰা তেওঁৰ নাম নোহোৱা হ’ল, সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে শিক্ষকজনে ৷
লগতে পঢ়ক :প্ৰধান শিক্ষকৰ কৌশলগত নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ