অসম

assam

By

Published : Oct 12, 2022, 12:14 PM IST

ETV Bharat / state

Tea labour protest: ন্যায্য বিচাৰি প্ৰতিবাদত বহিল চাহ শ্ৰমিক

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বিশ্বনাথৰ বিহালী কেটেলা চাহ বাগিচা চাহ শ্ৰমিক (Tea workers protest in Bihali seeking wages) ৷ বিভিন্ন দাবীৰ সমৰ্থনত ক্ষোভিত চাহ শ্ৰমিকসকলে মঙলবাৰে বিয়লি উত্তাল কৰি তোলে বাগিচাৰ পৰিৱেশ ৷

Tea workers protest in Bihali seeking wages
Tea labour protest: উত্তপ্ত কেটেলা চাহ বাগিচা

বিশ্বনাথ, ১১ অক্টোবৰ: মঙলবাৰে বিয়লি বিশ্বনাথৰ বিহালী কেটেলা চাহ বাগিচাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰে কেটেলা চাহ বাগিচাৰ কাৰ্যালয় চৌহদ(Tea workers protest in Bihali) । বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰৰ পৰা তিনি শতাধিক শ্ৰমিকে গ্ৰহণ কৰি আহিছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷ বাগিচাৰ কাম-কাজ বন্ধ কৰি বাগানৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে(Tea workers protest in Bihali seeking wages) ।

চাহ শ্ৰমিকসকলক উপযুক্ত মজুৰি প্ৰদান নকৰা, কালি পূজাৰ বাবে পৰ্যাপ্ত বোনাচ প্ৰদান নকৰা, বাগিচাত পৰ্যাপ্ত চিকিৎসা সেৱাৰ অভাৱ, দীঘলীয়া সময় ধৰি শ্ৰমিকসকলৰ চাকৰি স্থায়ীকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা, চাকৰি নিয়মীয়াকৰণ নকৰা, শ্ৰম সংহিতা অমান্য কৰি ৮ ঘণ্টাৰ বিপৰীতে অতিৰিক্ত সময় শ্ৰমত নিয়োজিত কৰা, উপযুক্ত হাজিৰা প্ৰদান নকৰা, শ্ৰমিকসকলৰ প্ৰয়োজনীয় বিশুদ্ধ খোৱা পানী প্ৰদান নকৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত মঙলবাৰে বিহালী সমষ্টিৰ কেটেলা চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাখনৰ মালিক হাতীমল প্ৰিঞ্চাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়(Kettela tea estate) ।

Tea labour protest: ন্যায্য বিচাৰি প্ৰতিবাদত বহিল চাহ শ্ৰমিক

ইফালে পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে বিহালী আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ আৰু বৰগাং আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল উপস্থিত হয় প্ৰতিবাদস্থলীত । আনহাতে বিয়লি ৪.৩০ মান বজাত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত ড৹ সূৰ্য কমল বৰা, বিশ্বনাথ জিলা আৰক্ষী উপ আৰক্ষী অধীক্ষক, বিহালী আদিবাসী ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, বিহালী আছা প্ৰতিনিধি, বিশ্বনাথ শ্ৰম অধীক্ষক, শ্ৰম পৰিদৰ্শকৰ লগতে বিহালী আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষী বিষয়া, বৰগাং আৰক্ষী বিষয়া আৰু হেলেম চাৰ্কোলৰ মজদুৰ সংঘৰ সম্পাদক পংকজ দাসৰ উপস্থিতিত শ্ৰমিকসকলৰ সৈতে বাগিচাখনৰ প্ৰেক্ষাগৃহত বাগিচাৰ মালিক হাতীমল প্ৰিঞ্চাৰ সৈতে এক আলোচনাত মিলিত হয় । আলোচনাত আছা(All Assam Adivasi Student Union) সম্পাদক পৱন বাউৰীয়ে শ্ৰমিকসকলৰ প্ৰাপ্য শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে আটছা সম্পাদকগৰাকীয়েও শ্ৰমিকসকলৰ উপযুক্ত বোনাচ শীঘ্ৰে মোকলাই দিবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনায় ।

আনহাতে শ্ৰমিকসকলে অনা দাবী অনুসৰি ২০% বোনাচ বাগিচাখনে শ্ৰমিকসকলক দিব লাগে যদিও তাৰ পৰিৱৰ্তে বাগিচাৰ তৰফৰ পৰা শ্ৰমিক সকলক ১২% হে বোনাচ দিবলৈ আলোচনাৰ অন্তত মান্তি হয় । যাৰ ফলত বাগিচাৰ শ্ৰমিকসকলে কোনো কাৰণতে ১২% বোনাচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে অনিদিষ্ট সময়লৈকে বাগানৰ সকলো কাম কাজ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে(Protest by stopping work of tea gardens) ।

আনহাতে চাহ শ্ৰমিকসকলৰ সমস্যা সন্দৰ্ভত বাগিচাখনৰ মালিক হাতীমল প্ৰিঞ্চাৰ পৰা জানিবলৈ বিচৰাত প্ৰিঞ্চাই বাগিচাৰ শ্ৰমিকসকলে বোনাচ আইন সম্পূৰ্ণ উলংঘন কৰি অযথা হুলস্থুল লগাই আছে আৰু যাৰ ফলত কেইবাবছৰ ধৰি চাহ বাগিচাখনে লোকচানৰ সন্মুখীন হৈ আহিছে বুলি শ্ৰমিকসকলৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাই ৷ যাৰ ফলত শ্ৰমিকসকলক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিব পৰা নাই বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় বাগিচাখনৰ মালিকে ।

আনহাতে বাগিচাখনৰ মালিকে শ্ৰমিকসকলৰ ওপৰত শোষণ-নিপীড়ণ চলোৱা বুলি অৱগত হৈ ক্ষোভিত হৈ পৰে আদিবাসী চাহ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ সম্পাদক বিমল লোহাৰ । সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোহাৰে কয় যে বাগিচা কৰ্তৃপক্ষই শীঘ্ৰে আলোচনাৰ মাধ্যমেৰে শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷ হেলেম চাহ চাৰ্কোলৰ মজদুৰ সংঘৰ সম্পাদক পংকজ দাসে শ্ৰমিকৰ পক্ষ লোৱাৰ পৰিৱৰ্তে বাগিচাৰখনৰ মালিকৰ পক্ষ লোৱা বুলি আটছা সম্পাদকগৰাকীয়ে মজদুৰ সংঘৰ সম্পাদক পংকজ দাসৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:Attempt to rape in Dhubri: ধুবুৰীৰ আগমণিত নাৰী নিৰ্যাতনৰ ঘটনা

ABOUT THE AUTHOR

...view details