অসম

assam

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

By

Published : Oct 1, 2019, 3:40 AM IST

সোমবাৰে বিশ্বনাথ, মৰিগাঁৱৰ লাহৰিঘাট আৰু শিৱসাগৰৰ শিমলুগুৰি আৰক্ষীৰ হাতত ঝাড়ু লৈ স্বচ্চতা অভিযান

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

বিশ্বনাথ, 30 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি গান্ধী জয়ন্তী উপলক্ষে বৰ্তমান ব্যাপক ৰূপত চলি আছে স্বচছ ভাৰত অভিযানৰ লগতে প্লাষ্টিক বৰ্জন কাৰ্যসূচী ৷ এই ক্ষেত্ৰত পিছ পৰি থকা নাই আৰক্ষী প্ৰশাসনো ৷ লাঠি, বন্দুকৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ স্বচ্চ ভাৰত অভিযানৰ অংশ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ আৰক্ষী প্ৰশাসন ৷ সোমবাৰে বিশ্বনাথ, মৰিগাঁৱৰ লাহৰিঘাট আৰু শিৱসাগৰৰ শিমলুগুৰি আৰক্ষীয়ে উদ্যোগ লয় স্বচ্চ ভাৰত অভিযান কাৰ্যসূচীৰ ৷ এই তিনিখন ঠাইৰ আৰক্ষীয়ে পুৱাৰ পৰা হাতত ঝাড়ু, কোৰ, বেলচা, ডাচবিন আদি লৈ আৰম্ভ কৰে স্বচ্চতা অভিযান ৷ হাতত ঝাড়ু লৈ নিজৰ অঞ্চলটো চাফা কৰাৰ লগতে প্লাষ্টিক বৰ্জন আহ্বান কৰে আৰক্ষীয়ে প্ৰশাসনে ৷ প্লাষ্টিক বৰ্জন সন্দৰ্ভত এখন সজাগতা সভাৰো আয়োজন কৰে শিমলুগুৰি আৰক্ষীয়ে ৷ উল্লেখযোগ্য নিজৰ কৰ্তব্য সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ স্বচ্চ ভাৰত অভিযান আৰু প্লাষ্টিক বৰ্জনৰ অংশস্বৰূপে আৰক্ষীসকলৰ এই স্বচ্চতা কাৰ্যসূচী যথেষ্ট প্ৰশংসনীয় ৷

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

আনহাতে স্বচ্চতা অভিযান আৰু প্লাষ্টিক বৰ্জনৰ সন্দৰ্ভত হোজাই জিলাৰ উপায়ুক্তৰ এক ব্যতিক্ৰমি পদক্ষেপ ৷ প্লাষ্টিক মুক্ত দেশ গঢ়াৰ স্বাৰ্থত লংকাৰ ৰাজপথত দৌৰিলে হোজাই জিলাৰ উপায়ুক্তই | জনসাধৰণৰ মাজত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে লংকা পৌৰসভাৰ উদ্যোগত আয়োজিত এক সমূহীয়া মাৰাঠান দৌৰত অংশগ্ৰহণ কৰি হোজাইৰ উপায়ুক্তগৰাকীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই | উপায়ুক্তৰ এই আহ্বানৰ লগত সহযোগ কৰে লংকা পৌৰসভাৰ কমিছনাৰ, বিষয়া, কৰ্মচাৰী উপৰিও চিকিৎসা বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে | সমূহীয়া দৌৰৰ অন্তত প্লাষ্টিক বৰ্জন আৰু স্বচ্ছতাৰ বিষয়ত এক সজাগতা সভা অনুষ্ঠিত হয় লংকা পৌৰসভাৰ কাৰ্যালয়ত |

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

ABOUT THE AUTHOR

...view details