বৰগাং নদীত চাফাই অভিযান মন্ত্ৰী ৰণজিৎ দত্ত - স্বচ্ছ ভাৰত অভিযান
মঙলবাৰে উলহ মালহৰে উদযাপন কৰা বিজয়া দশমীত পূজা সমিতি সমূহে নদীৰ ঘাট সমূহত দেৱীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুৱায় দিয়া পূজাৰ সামগ্ৰী সমূহ চাফা কৰাৰ বাবে বিশ্বনাথৰ বৰগাং নদী চাফাই অভিযানত লাগিল মন্ত্ৰীগৰাকী ৷
বিশ্বনাথ, 9 অক্টোবৰ: তিনি শতাধিক বিজেপি কৰ্মী সহ নদী চাফাই অভিযানত নামিল অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ মঙলবাৰে উলহ মালহৰে উদযাপন কৰা বিজয়া দশমীত পূজা সমিতি সমূহে নদীৰ ঘাট সমূহত দেৱীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুৱাই দিয়া পূজাৰ সামগ্ৰী সমূহ চাফা কৰাৰ বাবে বিশ্বনাথৰ বৰগাং নদী চাফাই অভিযানত নামিল মন্ত্ৰীগৰাকী ৷ ৰাসায়নিক দ্ৰব্যৰে নিৰ্মিত এই পূজাৰ সামগ্ৰী সমূহে যাতে নদীত থকা প্ৰাণী সমূহৰ লগতে নদীৰ পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বিজেপিৰ বিহালী আৰু বাঘমৰা মণ্ডল, সদস্য সকলৰ লগতে মন্ত্ৰী গৰাকী উপস্থিত হৈ বৰগাং নদীত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযান কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ গংগা নদীখন চাফা কৰি ৰাখিবলৈ আগভাগ লৈছে ঠিক তেনেকৈ আমিও এই নদী খন চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিছো বুলি মন্তব্য কৰে মন্ত্ৰী দত্তই ৷