অসম

assam

ETV Bharat / state

বিহালীৰ লেপেটাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহে উলমি আছে তলা

কৰ’ণা মহামাৰী সময়ত বিশ্বনাথৰ উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহে ওলমি আছে তলা ৷ অতি সোনকালে চিকিৎসক, নাৰ্চ নিযুক্তি দিবলৈ নতুন চৰকাৰক আহ্বান ৷

বিহালীৰ লেপেটাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহে উলমি আছে তলা
বিহালীৰ লেপেটাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহে উলমি আছে তলা

By

Published : May 18, 2021, 8:25 PM IST

বিহালী, 18 মে' : ৰাজ্য়জুৰি কৰ’ণাই ত্ৰাসিত কৰি আছে ৰাইজক ৷ ৰাজ্য চৰকাৰে ইতিমধ্য়ে প্ৰদান কৰিছে আংশিক লকডাউন ৷ চলিত মাহৰ 21 তাৰিখ অৰ্থাৎ শুকুৰবাৰৰ পৰা আন্তঃজিলাৰ যাতায়ত বন্ধৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

বিহালীৰ লেপেটাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহে উলমি আছে তলা

তাৰ মাজতো বিশ্বনাথ জিলাৰ স্বাস্থ্য খণ্ডৰ পুতৌ লগা ছবি পোহৰলৈ আহিছে ৷ বিশ্বনাথ জিলাৰ হেলেমৰ লেপেটাপাৰা গাঁৱৰ উপ-স্বাস্থ্য কেন্দ্ৰত তিনিমাহ ধৰি নাই চিকিৎসক,নাৰ্চ ৷ ইমান দিনে এজনী নাৰ্চৰ দ্বাৰা উপ-স্বাস্থ্য কেন্দ্ৰটো পৰিচালনা কৰি অহা হৈছিল যদিও তিনিমাহ পূৰ্বে নাৰ্চ গৰাকীক বদলি কৰাৰ বাবে উপ-স্বাস্থ্য কেন্দ্ৰটোত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ৷

কৰ’ণাৰ এই সংক্ৰমণৰ সময়ত কন্টেইনমেন্ট জ’ন দিয়াৰ বাবে লেপেটা পাৰা গাঁও ৰাইজে প্ৰাথমিক চিকিৎসাৰ বাবে এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে ৷ নতুন চৰকাৰক অতি সোনকালে উপ-স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক, নাৰ্চৰ নিযুক্তি প্ৰদান কৰিবলৈ ৰাইজে আহ্বান জনায় ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ শোক পত্ৰ লৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ বাসগৃহত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details