বিশ্বনাথ, 13 নৱেম্বৰ :সমাজৰ উন্নতিৰ হকে ভাৰতীয় সেনাই সদায়ে ন ন পদক্ষেপ লোৱা প্ৰায়ে দেখা গৈছে ৷ এইবাৰ বিশ্বনাথৰ বালিপুখুৰীত থকা চিআৰপিএফৰ 30নং বেটালিয়ানৰ উদ্যোগত শনিবাৰে জৰাবাৰী গাঁৱৰ তিনিটাকৈ স্থানত ষ্ট্ৰীট লাইট উদ্বোধনী অনুষ্ঠান অনুস্থিত হয় ৷
বিশ্বনাথৰ বালিপুখুৰীত চিআৰপিএফ ৩০ তম বেটালিয়নৰ ষ্ট্ৰীট' লাইট উদ্বোধন উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ষ্ট্ৰীট লাইট উদ্বোধন কৰে চিআৰপিএফৰ 30নং বেটালিয়ানৰ কমাণ্ডিং অফিচাৰ ৰাহুল কান্ত চাহুয়ে ৷ সামাজিক দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি চিআৰপিএফে সদায় এনেধৰণৰ কাম কৰি যাব বুলি ৰাহুল কান্ত চাহুয়ে জানিবলৈ দিয়ে ।
উক্ত অনুষ্ঠানত এচিচেন্টট কামাণ্ডেন্ট অফিচাৰ বি ভি সিং যোধা, গাঁও পঞ্চায়তৰ সভাপতি ৰোহিত কন্দ, গাঁওবুঢ়া মন্টু ভাগৱতী উপস্থিত থাকে ৷ লগতে স্থানীয় গাঁওবাসী আৰু চিআৰপিএফৰ জোৱান উপস্থিত থাকে এই অনুষ্ঠানটোত ।
বিশ্বনাথৰ বালিপুখুৰীত চিআৰপিএফ ৩০ তম বেটালিয়নৰ ষ্ট্ৰীট' লাইট উদ্বোধন উল্লেখ্য যে, জনসাধাৰণ আৰু অৰ্ধ সামাৰিক বাহিনীৰ মাজত সু-সম্পৰ্ক গঢ়ি তুলিবৰ বাবে সময়ে সময়ে এনে বিভিন্ন উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে এই অৰ্ধ সামাৰিক বাহিনীটোৱে ৷
লগতে পঢ়ক :উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw