অসম

assam

ETV Bharat / state

গহপুৰত বানাক্ৰান্তৰ কাষত গৰীৱৰ বন্ধু গোপাল শইকীয়া - বানাক্ৰান্তৰ কাষত গহপুৰৰ গৰীৱৰ বন্ধু গোপাল শইকীয়া

প্ৰায় ৩০০ খন গাৱঁৰ ৰাইজ বানৰ কৱলত পৰিছে ৷ ইতিমধ্যে কেবাবাৰো নাৱেৰে দুৰ্গম অঞ্চল সমূহলৈ গৈ ৰাইজক সাহাৰ্য প্ৰদান কৰা গোপাল শইকীয়াৰ এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত ৰাইজে ৷ ইফালে একাংশ লোকৰ অভিযোগ,চৰকাৰে প্ৰদান কৰা বান সাহাৰ্য এই পৰ্যন্ত লাভ কৰা নাই লোকসকলে ৷

বানাক্ৰান্তৰ কাষত গহপুৰৰ গৰীৱৰ বন্ধু গোপাল শইকীয়া
বানাক্ৰান্তৰ কাষত গহপুৰৰ গৰীৱৰ বন্ধু গোপাল শইকীয়া

By

Published : Jul 30, 2020, 10:52 PM IST

বিশ্বনাথ, 30 জুলাইঃ ৰাজ্যজুৰি বানৰ ভয়াৱহতা ৷ বানত প্লাৱতি হৈছে বহুকেইখন জিলা ৷ বিশ্বনাথৰ গহপুৰৰৰ দক্ষিণ অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ ৰাইজৰ মাজত ৷ ভয়ানক বানত সৰ্বহাৰা হোৱা লোকৰ কাষত ঠিয় দিছে এজন বিশেষ ব্যক্তিয়ে ৷ গহপুৰৰ গোপাল শইকীয়া নামৰ লোকজনে বৃহস্পতিবাৰে গহপুৰ সমষ্টি অন্তৰ্গত গোপাল জাৰনি,লৌগুটি,ৰঙামূৰী গাঁও,খাৰৈপৰীয়া আদি অঞ্চলত বানাক্ৰান্তৰ কাষত উপস্থিত খাদ্য সামগ্ৰী বিতৰণ কৰে । সমাজৰত্ন গোপাল শইকীয়াই বিপদৰ সময়ত গহপুৰ বনাক্ৰান্ত লোকসকলৰ মাজত 30 হাজাৰ মাস্ক বিতৰণ কৰাৰ লগতে বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী আগবঢ়াই ৷

গহপুৰত বানাক্ৰান্তৰ কাষত গৰীৱৰ বন্ধু গোপাল শইকীয়া

গহপুৰ মহকুমা দক্ষিণ অঞ্চলৰ অধিকাংশ গাঁও তৃতীয়টো বানত প্লাৱিত হৈছে ৷ প্ৰায় ৩০০ খন গাৱঁৰ ৰাইজ বানৰ কৱলত পৰিছে ৷ ইতিমধ্যে কেবাবাৰো নাৱেৰে দুৰ্গম অঞ্চল সমূহলৈ গৈ ৰাইজক সাহাৰ্য প্ৰদান কৰা গোপাল শইকীয়াৰ এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত ৰাইজে ৷ ইফালে একাংশ লোকৰ অভিযোগ, চৰকাৰে প্ৰদান কৰা বান সাহাৰ্য এই পৰ্যন্ত লাভ কৰা নাই লোকসকলে ৷

গৰীৱৰ বন্ধু গোপাল শইকীয়াৰ সামগ্ৰী বিতৰণ

উল্লেখ্য যে,বিগত ১৫ টা দিন অধিক সময় গোপাল শইকীয়াই গহপুৰ বিধান সভা অন্তৰ্গত বানাক্ৰান্ত অঞ্চল সমূহত উপস্থিত হৈ ব্যক্তিগত ভাৱে প্ৰদান কৰিছে অত্যাৱশ্যকীয় সাগ্ৰীৰ লগতে মাস্ক আদি ৷ ইফালে চৰকাৰে প্ৰদান কৰা সাহাৰ্য সামগ্ৰী গহপুৰৰ বানাক্ৰান্ত লোক সকলৰ বহুতেই লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে বুলি জানিব পৰা গৈছে ৷ গৰীৱৰ বন্ধুৰূপে খ্যাত গহপুৰৰ গোপাল শইকীয়াৰ এই পদক্ষেপক শলাগ লৈছে সমষ্টিটোৰ ৰাইজে ৷

গহপুৰত বানাক্ৰান্তৰ কাষত গৰীৱৰ বন্ধু গোপাল শইকীয়া

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details