অসম

assam

ETV Bharat / state

ঝাৰখণ্ডত শ্বহীদ অসমৰ জোৱানঃ শোকস্তব্ধ পৰিয়াল - Dumka encounter

দেওবাৰে ঝাৰখণ্ডৰ ডুমকাত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত জীৱন ত্যাগ কৰে অসমৰ বীৰ পুত্ৰ নীৰজ চেত্ৰীয়ে ৷ 2014 চনত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ 35 বেটেলিয়নত ভৰ্তি হৈছিল তেজপুৰৰ কাউৰী পথাৰ গাঁওৰ সাহসী যুৱক চেত্ৰীয়ে ৷

নীৰজ চেত্ৰী

By

Published : Jun 2, 2019, 10:48 PM IST

বিশ্বনাথ, 2 জুনঃ ঝাৰখণ্ডত মাওবাদীৰে যুঁজি দেশৰ বাবে সৰ্বোচ্চ বলিদান অসম সন্তানৰ ৷ বিশ্বনাথৰ হেলেমৰ কাউৰীপথাৰ কাৰিবিল নেপালী গাঁৱৰ বাসিন্দা তথা টিকা বাহাদুৰ চেত্ৰী আৰু গংগা মায়া চেত্ৰীৰ দ্বিতীয় সন্তান নীৰজ চেত্ৰীয়ে দেওবাৰে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়ে ৷ পুত্ৰৰ সৰ্বোচ্চ বলিদানৰ কথা বৰ্তমানো জানিবলৈ দিয়া হোৱা নাই অসুখীয়া পিতৃ-মাতৃক ৷

ঝাৰখণ্ডত নিহত অসমৰ জোৱানঃ শোকস্তব্ধ পৰিয়াল

অধিক পঢ়কঃ ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্ষঃ নিহত অসমৰ জোৱান

ঝাৰখণ্ডৰ ডুমকাত হোৱা সংঘৰ্ষত চাৰিগৰাকী সতীৰ্থৰ সৈতে সুনিপুন যুদ্ধশৈলীৰে যুঁজি প্ৰাণ আহুতি দিয়ে চেত্ৰীয়ে ৷ সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চেত্ৰীক এয়াৰ এম্বুলেন্সেৰে ৰাঁচীৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে বীৰ জোৱানগৰাকীয়ে ৷ উল্লেখ্য যে, অহা ডিচেম্বৰ মাহত বিয়াৰ দিন ঠিক হৈ আছিল শ্বহীদ নীৰজৰ ৷

ABOUT THE AUTHOR

...view details