অসম

assam

world Environment day 2023: ‘গ্ৰীণ চতিয়া আৰু ক্লীন চতিয়া’ গঢ়ো আহক

By

Published : Jun 5, 2023, 5:44 PM IST

আজি বিশ্ব পৰিবেশ দিৱস (World Environment day) ৷ সোমবাৰে চতিয়াত বৃক্ষ ৰোপণৰ বিশেষ কাৰ্যসূচী ৷ 21 কিলোমিটাৰ বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ বিধায়ক,মন্ত্ৰী (Minister Atul bora in Sootea) ৷

Minister Atul Bora
চতিয়াত বিশ্ব পৰিবেশ দিৱস পালন

বিশ্ব পৰিবেশ দিৱস উদযাপন

বিশ্বনাথ ৫ জুন: আজি বিশ্ব পৰিবেশ দিৱস ৷ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে চতিয়াত বৃক্ষ ৰোপণৰ বিশেষ কাৰ্যসূচী হাতত লয় ৷ চতিয়া আৰক্ষী থানাৰ সন্মুখত আয়োজন কৰা এখন সভাত অংশ গ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু মন্ত্ৰী অতুল বৰাই (Minister Atul bora) ৷ সভাৰ আৰম্ভনিতে মন্ত্ৰী অতুল বৰাই বৃক্ষ ৰোপণৰে চতিয়া থানাৰ সন্মুখৰ পৰা বিশেষ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৷ সেই অনুষ্ঠানতে ‘গ্ৰীণ চতিয়া আৰু ক্লীন চতিয়া’ গঢ়াৰ সংকল্প লয় (Green sootea clean sootea)৷

‘গ্ৰীণ চতিয়া আৰু ক্লীন চতিয়া’ সংকল্পৰে চতিয়াৰ পৰা জামুগুৰিহাটৰ মাজেদি পাৰহৈ যোৱা চাৰিলেন যুক্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰিভাইদাৰৰ মাজত আৰু পথৰ দুয়ো কাষে প্ৰায় 21 কিলোমিটাৰ দূৰত্বলৈকে ৰোপণ কৰা হয় গছপুলি ৷ ‘আমাৰ এটা সপোন আছিল ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে 1 কিঃমি কৃষ্ণচূড়া, 1 কিঃমি ৰাধাচূড়া, 1 কিঃমি আজাৰ আৰু 1 কিঃমি সোণাৰু লগতে অন্যন গছ ৰোৱা (Tree plantation in Sootea) ৷’

‘প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বেচৰকাৰী সংগঠন সমূহ এই কাৰ্যৰ বাবে আগবাঢ়ি আহিছে তাৰ বাবে ধন্যবাদ ৷ আমি প্ৰতিগৰাকী প্ৰতিগৰাকী লোকে নিজে ৰোপন কৰা গছ নিজে প্ৰতিপালন কৰিব লাগিব, আমাৰ দায়িত্ব গছ পুলি বিতৰণ আৰু সাৰ যোগান ধৰা ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো মই নিজে নেতৃত্ব দি আছো ৷’ এই দৰে মন্তব্য কৰিলে বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika)৷

আনহাতে একেসময়তে চতিয়া পৰিদৰ্শন বঙলাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰৰ উদ্যোগত আৰু চতিয়া উন্নয়ন খণ্ডৰ সহযোগত একে উদ্দেশ্যৰে আন এখন সভা আয়োজন কৰা হয় ৷ এই সভাতো বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ এই সভাৰ অন্তত চতিয়াৰ পুৰণা চেণ্টাৰৰপৰা ঘিলাধাৰী নৈ সমীপলৈকে বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷

লগতে পঢ়ক:world Environment day: "উন্নয়নৰ নামত গছ-গছনি কাটি পৰিৱেশ নষ্ট নকৰিব"- গ্ৰীণ গুৱাহাটী

ABOUT THE AUTHOR

...view details