বিশ্বনাথ,১৮ মাৰ্চ: এফালে যদি ৰাইজৰ মনৰ পৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে অভিসন্ধি ৰচি আসন দখল কৰাৰ চেষ্টা চলাইছে, আনফালে আকৌ শাসনাধিষ্ঠ বিজেপি চৰকাৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই নিজৰ শক্তি প্ৰদৰ্শন কৰি ৰথী-মহাৰথী, মন্ত্ৰী আমোলাই নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে । বৃহস্পতিবাৰে বিশ্বনাথৰ গহপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
দিনৰ ১২ বজাত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ বৰিগাঁও বৰপুখুৰী খেল পথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে । বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সোণোৱালে । বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সোণোৱালে ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় ।