চতিয়া,8 চেপ্তেম্বৰঃ "চতিয়া সমষ্টিত কোনো সন্দেহ জনক নাগৰিকক বাস কৰিবলৈ দিয়া নহ’ব৷ ভোটাৰ তালিকাত নাম নথকা ভিন্ন প্ৰান্তৰপৰা নিশাৰ ভিতৰতে আহি মোৰ সমষ্টিত অবৈধভাবে মাটি বেদখল কৰা কাৰ্য কেতিয়াও সহ্য নকৰো৷ সময় থাকোতেই চৰ অঞ্চলত বেদখল কৰা সন্দেহ জনক নাগৰিক সকল আতৰি নগলে তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে উচ্ছেদ চলোৱা হব৷"- জামুগুৰিহাটৰ লালেটাপুৰ লুঙি বজাৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত এক ৰাজহুৱা সভাত এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
সন্দেহজনক নাগৰিকক বিধায়ক পদ্ম হাজৰিকাৰ সকীয়নি - জামুগুৰিহাট
"চতিয়া সমষ্টিত কোনো সন্দেহ জনক নাগৰিকক বাস কৰিবলৈ দিয়া নহ’ব৷ ভোটাৰ তালিকাত নাম নথকা ভিন্ন প্ৰান্তৰপৰা নিশাৰ ভিতৰতে আহি মোৰ সমষ্টিত অবৈধভাবে মাটি বেদখল কৰা কাৰ্য কেতিয়াও সহ্য নকৰো৷" -বিধায়ক পদ্ম হাজৰিকাই
কিছুদিন পূৰ্ৱে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চৰ চাপৰি এলেকাত সমষ্টিৰ বাহিৰৰ বহুসংখ্যক লোকে নিশাটোৰ ভিতৰতে আহি ঘৰ বনাই বসবাস কৰাৰ বিষয়ে সেই অঞ্চলৰে লোকসকলে বিধায়কগৰাকীক অৱগত কৰে ৷ পাচত সেই অঞ্চলসমূহত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে জৰীপ কৰিবলৈ যোৱাৰ সময়ত একাংশ সন্দেহজনক লোকে বাধা দিয়ে ৷ কিন্তু প্ৰশাসনৰ সহায়ত জৰীপ চলোৱাৰ অন্তত চৰকাৰীভাৱে ২৭০ টা সন্দেহজনক নাগৰিকৰ পৰিয়ালক জাননী দিয়া হৈছে যদিও পৰিকল্পিতভাৱে এক দুষ্ট চক্ৰই সমষ্টিটোৰ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক উচ্ছেদৰ জাননী দিয়া বুলি অপপ্ৰচাৰ চলাইছে ৷ যাৰ বাবে শনিবাৰে এক সভাত এই অসাধু চক্ৰটোক বিধায়ক পদ্ম হাজৰিকাই সকিয়নি প্ৰদান কৰে ৷ আনহাতে চৰকাৰী মাটি সমুহ বেদখল মুক্ত কৰি প্ৰকৃত নাগৰিক সকলক মাটিৰ ম্যাদি পট্টাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷