অসম

assam

ETV Bharat / state

এখন চাইকেলেৰেই চতিয়াৰ মনালিছাই চলাই গৈছে জীৱন সংগ্ৰাম - life struggle by Manalisha Gar

কৰ্মই ধৰ্ম, এই কথাশাৰীক সাৰোগত কৰিয়েই বিশ্বনাথ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলা মিলনপুৰৰ মনালিছা গড়ে চলাই গৈছে জীৱন সংগ্ৰাম ।

চতিয়াৰ মনালিছাই চলাই গৈছে জীৱন সংগ্ৰাম
চতিয়াৰ মনালিছাই চলাই গৈছে জীৱন সংগ্ৰাম

By

Published : Feb 14, 2021, 8:31 PM IST

চতিয়া,১৪ ফেব্ৰুৱাৰী: জীৱন যুদ্ধত হাৰ নমনা বিশ্বনাথ জিলাৰ জামুগুৰিহাটৰ চতিয়াৰ কুসুমটোলা মিলনপুৰৰ এগৰাকী মহিলা মনালিছা গড় । এইগৰাকী মহিলাই প্ৰতিদিনে চাইকেলখন লৈ জামুগুৰিহাট, চতিয়াকে ধৰি ভিন্ন প্ৰান্তত চলাই গৈছে জীয়াই থকাৰ কঠোৰ সংগ্ৰাম ।

জীৱন যুদ্ধত ব্ৰতী হৈ মনালিছাই বিগত পোন্ধৰটা বছৰে চলাই গৈছে কাপোৰৰ ব্য়ৱসায় । ইয়াৰ পূৰ্ৱে নাৰিকল ফেক্টৰীত কাম কৰিছিল মনালিছাই । সম্প্ৰতি কাপোৰৰ বেপাৰ চলাই গৈছে জীৱন যুংজৰ সেনানী মনালিছাই ।

প্ৰতিদানে পুৱাই ঘৰৰ পৰা ওলাই গৈ জামুগুৰিহাট, চতিয়াকে ধৰি ভিন্ন প্ৰান্তত আৰম্ভ কৰে জীৱন সংগ্ৰামৰ অঘোষিত যুদ্ধখন । ৰ’দ, বতাহক ভ্ৰূক্ষেপ নকৰি কেৱল নিজৰ কৰ্মত ব্ৰতী হৈ পৰে মনালিছাই । ২০১৪ চনৰ পৰা চাইকেলখনকলৈ লৈ আৰম্ভ কৰিছিল এই সংগ্ৰাম । সন্তান জন্ম হোৱাৰ পিছতেই নিজৰ স্বামীয়ে মহিলাগৰাকীক এৰি থৈ যোৱাৰ বাবেই এইদৰেই ২০০৬ বৰ্ষৰপৰাই পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল । নিজ সন্তানক বিদ্যালয়তো পঢ়াইছে মহিলাগৰাকীয়ে ।

চতিয়াৰ মনালিছাই চলাই গৈছে জীৱন সংগ্ৰাম

দৈনিক ৩০/৪০ কিলোমিটাৰ পথ চাইকেল চলাই ব্যৱসায় কৰা মহিলাগৰাকীয়ে কিন্তু লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য । অন্যান্য মহিলাসকলৰ বাবে আদৰ্শ হিচাপে চিহ্নিত হোৱা মনালিছা গড়ে চৰকাৰী কোনো সাহাৰ্য লাভ কৰিলে হয়তো যথেষ্ট উপকৃত হ’ব পাৰিব বুলি আশা কৰাৰ লগতে ব্যৱসায়টিও সম্প্ৰসাৰণৰ দিশত সহায়ক হ’ব বুলি আশা কৰিব পাৰি ।

যি কি নহওঁক 'কৰ্মই ধৰ্ম' আপ্ত বাক্য শাৰীকে সাৰোগত কৰি প্ৰতিদিনে আগবাঢ়ি যোৱাৰ লক্ষ্য বান্ধি লৈ মনালিছা গড় নামৰ মহিলাগৰাকীয়ে হাজাৰজন পুৰুষৰ সমানে কাপোৰৰ ব্যৱসায়ৰ বৃত্তিত ব্ৰতী হৈছে । সমাজত একাংশ মহিলাই অবিজাত জীৱন অদযাপন কৰাৰ বিপৰীতে এইগৰাকী মহিলাই কাপোৰৰ ব্যৱসায় বৃত্তিৰে স্বাৱলম্বী হোৱা কাৰ্যই চৌদিশে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ।

লগতে পঢ়ক:অগপত যোগদান মনোৱাৰ হুছেইনসহ প্ৰাক্তন আছু নেতাৰ

ABOUT THE AUTHOR

...view details