অসম

assam

ETV Bharat / state

চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস - Assam Sahitya Sanmilani

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ সোমবাৰে অন্তিম দিন ৷ অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে ৷

Sootea Assam Sahitya Sanmilani foundation day
চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস

By

Published : Feb 10, 2020, 10:24 AM IST

Updated : Feb 10, 2020, 11:10 AM IST

চতিয়া,10 ফেব্ৰুৱাৰীঃ বিগত 7 ফেব্ৰুৱাৰীৰ পৰা চতিয়া সমষ্টিৰ জামুগুৰিহাটত আৰম্ভ হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস ৷ সোমবাৰে অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে ৷ জামুগুৰি বহাগী মেলা বাকৰিৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই বৰ অসমৰ চানেকীক দাঙি ধৰে ৷ উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সচেতক ড৹ দিলীপ বৰা,তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াকে ধৰি অসম সাহিত্য সন্মিলনীৰ বিষয়ববীয়া সকল ৷

চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস

উল্লেখযোগ্য যে, সন্মিলনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত সন্মিলনীৰ গ্ৰন্থ "বৰলুইত", সন্মিলনীৰ মুখপত্ৰ "প্ৰাগজ্যোতিকা","শ্ৰদ্ধাঞ্জলী"কে ধৰি প্ৰায় কুৰিখনৰো অধিক গ্ৰন্থ উন্মোচন কৰে ৷

লগতে পঢ়ক-সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত এটা পৰিয়াল

Last Updated : Feb 10, 2020, 11:10 AM IST

ABOUT THE AUTHOR

...view details