চতিয়া,15 জুন :ৰাজ্যত বৰ্তমানেও অব্যাহত ক'ভিড আতংক ৷ ইয়াৰ মাজতে সোমবাৰে শোণিতপুৰ জিলাৰ 34 টা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ক'ভাক্সিন(covaxin)ৰ দ্বিতীয় পালি আৰু 31 টা কেন্দ্ৰত ক'ভিশ্বিল্ড(covishield) প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ৷ সোমবাৰৰ দিনটোত দ্বাদশ অসম আৰক্ষী বাহিনীৰ জামুগুৰিহাটৰ কুসুমটোলাস্থিত মুখ্যালয়ত জিলা স্বাস্থ্য বিভাগে জোৱান আৰু পৰিয়ালৰ সদস্যসকলৰ ক'ভিড পৰীক্ষা কৰে ৷ লগতে ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে অনুষ্ঠিত কৰা বিশেষ শিবিৰত 150 গৰাকী লোকক ক'ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হয় ৷
দ্বাদশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী - শোণিতপুৰ জিলা প্ৰশাসন
ক'ভিড সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগৰ সহযোগত তীব্ৰতৰ কৰিছে অভিযান ৷ সমগ্ৰ শোণিতপুৰ জিলাত ক'ভিড পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানৰ কাম তীব্ৰতৰ কৰি তুলিছে স্বাস্থ্য বিভাগে ৷
কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী
উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হোৱা ভেকচিন শিবিৰত চিকিৎসকসহ আৰক্ষী বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়কঃঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ
TAGGED:
শোণিতপুৰ জিলা প্ৰশাসন