অসম

assam

ETV Bharat / state

Smugglers arrested with ganja: চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত গাড়ীসহ গাঞ্জা সৰবৰাহকাৰীক - Smugglers arrested with ganja

বলীউডৰ একশ্যন চিনেমাত দেখুওৱাৰ দৰেই কাহিনী ৷ চিনেমাৰ কায়দাৰে খেদি খেদি গাড়ীসহ দুই গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ত কৰিলে বিশ্বনাথ আৰক্ষীয়ে (Two Ganja smugglers arrested) ৷

Ganja with two smugglers arrested by Biswanath police in Biswanath
খেদি খেদি কৰায়ত্ত দুই গাঞ্জা সৰবৰাহকাৰীক

By

Published : Dec 23, 2022, 10:25 AM IST

খেদি খেদি কৰায়ত্ত দুই গাঞ্জা সৰবৰাহকাৰীক

বিহালী, 23 ডিচেম্বৰ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অবাধে চলাই আহিছে (Anti Ganja mission) ৷ এইবাৰ আমি আপোনালোকক কম, বলীউডৰ একশ্যন চিনেমাত দেখুৱাৰ দৰেই এটা কাহিনী ৷ চিনেমাৰ কায়দাৰে খেদি খেদি বিশ্বনাথ আৰক্ষীয়ে গাড়ীসহ কৰায়ত্ত কৰিলে দুই গাঞ্জা সৰবৰাহকাৰীক (Smugglers arrested with ganja in Biswanath) ৷

বিশ্বনাথ জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰায় 40 কিলোমিটাৰ দূৰত্ব খেদি হিন্দী চিনেমাৰ কায়দাৰে গাড়ীসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় (Biswanath police seized Ganja) ৷ জানিব পৰামতে, তেজপুৰৰ দিশৰ পৰা আহি থকা এ এছ 12 এক্স 0498 নম্বৰৰ এখন হোণ্ডাই i-20 বাহনত বৃহৎ পৰিমাণৰ গাঞ্জা থকাৰ খবৰ বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিছিল (Ganja seized in Biswanath) ৷

তাৰ পিছতে আৰক্ষী থকাৰ উমান পাই গাড়ীখনে তীব্ৰবেগেৰে বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াৰে পাৰ হ’বলৈ চেষ্টা কৰে ৷ পিছে ইয়াৰ পাছতো বিপদে লগ এৰা নাছিল বাহনখনক ৷ এইবাৰ বৰগাঙত আৰক্ষীৰ নাকা চেকিঙৰ উমান পায় বাহনখনে ইউটাৰ্ণ লৈ জিনজিয়াৰ মাজ মজিয়াৰ অন্য এটা পথেৰে পাভৈ-ইটাখোলা পথেৰে পলায়ন কৰে ৷

ইফালে পলাব খোজা বাহনখনক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অপৰাধ শাখাৰ এটা দলে অনুসৰণ কৰাৰ ফলত গাঞ্জা সৰবৰাহকাৰীৰ দলটোৱে সমগ্ৰ পথচোৱাত গাঞ্জাৰ কিছু টোপোলা পেলাই থৈ যায় (Biswanath Police arrested two smugglers with Ganja) ৷ ইফালে প্ৰায় ৪০ কিলোমিটাৰ অনুসৰণ কৰাৰ পাছত জামুগুৰিহাটৰ বৰপথাৰত বাহন এৰি পথাৰলৈ পলাবলৈ খোজোতেই আৰক্ষীয়ে গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত বাহনখনত থকা দুই সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে প্ৰায় ৭৫ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন দুই গাঞ্জা সৰবৰাহকাৰী ক্ৰমে ক্ৰিছিং দৈমাৰী আৰু নহো দৈমাৰী বুলি জানিব পৰা গৈছে ৷ জব্দকৃত গাঞ্জাসমূহ ওদালগুৰিৰ পৰা লখিমপুৰলৈ নি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Ganja smuggling in Assam) ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অৰুণাচলৰ পৰা মাজবাট, ওদালগুৰি আদি অঞ্চললৈ গাঞ্জাৰ সৰবৰাহকে ধৰি এটা বৃহৎ চক্ৰই চলাই আহিছে ব্যৱসায় (Ganja smuggling in Biswanath) ৷ এইসমূহ স্থানৰ পৰাই পৰাই ৰাজ্যৰ বিভিন্ন ঠাইলৈ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই অহা বুলি আৰক্ষীয়েও উল্লেখ কৰিছে ৷

লগতে পঢ়ক:Jorhat Fire Incident: যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ, অলৰ-অচৰ জ্যোতিপ্ৰসাদ

ABOUT THE AUTHOR

...view details